অনুসন্ধান আকাংক্ষাত

Tuesday, March 8, 2011

মোৰ জীৱন ৰথ (দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে)





মোৰ জীৱন ৰথ এবাৰ হঠাতে.. থমকি ৰৈছিল, এনেতে..      


দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ

তোমাৰ ওঁঠৰ পৰশে..

মোৰ চন্দে চন্দে উৰে প্ৰেমৰ সুভাষ

মন নাচে কিবা সৰসে...

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ

তোমাৰ ওঁঠৰ পৰশে..


বিশ্ব-বিজয় মোৰ বাটৰুৱা মন !


বাটেই আছিলে  লগৰী !


এজুপি তৰুৰ তলতে অলপ...

থমকিলে ৰথৰ চকৰি........


তাতেই হঠাৎ

তোমাৰ বুকুত

মোৰ আনন্দাশ্ৰু বৰষে.....

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ

তোমাৰ ওঁঠৰ পৰশে..


সৰ্ব্বসত্বা মোৰ হল ধন্য

তুমি দিলা মিঠা আশ্ৰয় !

তোমাৰ উদাৰতা আৰু নলওঁ-নোখোজোঁ

স্মৃতি মাথোঁ ৰব সঞ্চয় !


অঘৰীৰ ঘৰ জানো তামুলী বাঁহত !

আৰু আমাৰ মিলন দেখোঁ বৈধ নহয় !

এই মিলন হওঁক চিৰ বিৰহ প্ৰতীক !


অনন্ত মিলন পিয়াসে

অনন্ত... 

মিলন...

পিয়াসে.... !

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ

তোমাৰ ওঁঠৰ পৰশে..

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ

তোমাৰ ওঁঠৰ পৰশে..




(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত চিৰসেউজী গীত)
(ইউকডীয় ৰূপান্তৰ :- দিগন্ত শইকীয়া)






No comments: