অনুসন্ধান আকাংক্ষাত

Saturday, March 30, 2019

লুইতৰ পাৰতেই উমলি জামলি





(লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ)

লুইতেই গঢ়ি দিছে ৰঙিন সপোন

এই জীৱনৰ মোৰ

ধন্য জীৱন এই মোৰ

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ

-

(ঠুনুক ঠানাককৈ মাতটি ফুটোতেই

শুনিছিলোঁ আইৰ সুৱদি মাতত

বৰগীত জিকিৰৰ সুৰ)

এই সুৰতে বন্দী হৈ মই

হেৰুৱালোঁ পৰিচয় নিজৰেই মোৰ

ধন্য জনম এই মোৰ

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ

-

নাজানোঁ মই (কি) শিকিলোঁ

নাজানোঁ মই (কি) শিকালোঁ

হিচাপ ৰখা নাই তাৰো

লুইতৰ বালিতেই দেহা হলে অৱসান

শীতলিব মোৰ আকুল পৰাণ

(ধন্য মৰণ হব মোৰ)

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ

লুইতেই গঢ়ি দিছে ৰঙিন সপোন

এই জীৱনৰ মোৰ

ধন্য জীৱন এই মোৰ

লুইতৰ পাৰতেই উমলি জামলি

কৰিলোঁ পাৰ কৈশোৰ  ।।

-

কথা আৰু সুৰঃ- কমল কটকী
কণ্ঠঃ- ভূপেন হাজৰিকা
ইউনিকড ৰূপান্তৰঃ- দিগন্ত শইকীয়া

No comments: