অনুসন্ধান আকাংক্ষাত

Friday, May 26, 2017

লাজ লাজ লাজ ভন্টি নকৰিবা আমালৈ

Assamese Song:    Laj Laj Laj Bhanti
Album:                   Toramai
Singer:                   Namita Bhattacharjee
Director :                Dwiban Barua
Music Director:       Ramen Barua
Year:                     1976



লাজ লাজ লাজ ভন্টি নকৰিবা আমালৈ

লাজ লাজ লাজ ভন্টি

তোমাৰ আমাৰ একেটি

জাত জাত জাত ভন্টি

কিনো তোমাৰ অমাতৰ

মাত মাত মাত ভন্টি

নকৰিবা আমালৈ লাজ..

এ ভন্টি ! ঢোলেটি বাবলৈ
-
এ ভন্টি তিনিটি আঙুলি
-
এ ভন্টি মাজৰটিনো আঙুলি

(হে) লৰে ভন্টি  নাচ নাচ নাচ ভন্টি

নকৰিবা আমালৈ লাজ

এ ভন্টি  বহা তাঁতৰ পাটত
-
এ ভন্টি চকু আলিবাটত..
-
এ ভন্টি মাঁকো সৰি সৰি

পৰে ভন্টি চা আমালৈ

চা ভন্টি নকৰিবা আমালৈ লাজ ..
-
-
এ ভন্টি আঠিয়া কলৰে..
-
এ ভন্টি পাতে নেকাটিবা..
-
এ ভন্টি   চিটিকিনো পাৰিব

এঠা ভন্টি  আহ কাষলৈ

আহ ভন্টি  নকৰিবা আমালৈ লাজ

এ ভন্টি লোককে দেখুৱাই
-
এ ভন্টি  কেটেৰা মাৰিবা..
-
এ ভন্টি ভিতৰিনো নেৰিবা

হে বেঠা ভন্টি  মাত লাহেকৈ

মাত ভন্টি  কিনো তোমাৰ অমাতৰ

মাত মাত মাত ভন্টি

নকৰিবা আমালৈ লাজ..।।



বোলছবি/এলবাম:     তৰামাই
গায়ক/গায়িকা:         নমিতা ভট্টাচাৰ্য্য
পৰিচালকঃ               দ্বীবন বৰুৱা
সংগীত পৰিচালক:    ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)

No comments: