অনুসন্ধান আকাংক্ষাত

Wednesday, May 10, 2017

সঁচা মানৱতা কিয় মানুহৰ নাই দেখোঁ




সঁচা মানৱতা কিয়
 
মানুহৰ নাই দেখোঁ
 
    আৰু উদাৰতাও দেখোঁ নাই - ২
 
উদাৰতাও দেখোঁ নাই....

-

বোলোঁ সঁচা মানৱতা

মানুহৰ নাই দেখোঁ

    উদাৰতাও দেখোঁ নাই

বোলোঁ সঁচা মানৱতা

মানুহৰ নাই কিয়

   উদাৰতাও দেখোঁ নাই

কিহৰ ৰাগীত আজি নিজকে পাহৰিলে

মনৰ সংস্কাৰ একো নাই !

(বোলোঁ সঁচা মানৱতা

মানুহৰ নাই কিয়

   উদাৰতাও দেখোঁ নাই )

-

(সমাজ লাগে জীয়াই থাকি

    শান্তি গঢ়িবলে)

(আৰু সমাজ লাগে সংস্কাৰো লাগে জাতিৰ

    প্ৰগতি বাঢ়িবলে)

(সঁচা সমাজ কাহানিবা

  নিকা জানো হয়

    সংস্কাৰ নহলে)

(সঁচা মানৱতা লাগে সঁচা অনুভুতিৰ

    সঁচা সমাজ গঢ়িবলে..)

(বোলোঁ সঁচা মানৱতা

মানুহৰ নাই কিয়

    উদাৰতাও দেখোঁ নাই )

-

(সংকীৰ্ণতাৰে আৱৰি সমাজ

    কাৰো বিস্তৃত মনোভাৱ নাই)

(বিভেদৰ জুই বহু দিছে চটিয়াই কোনো

    বিভেদকামীহঁতে পাই..)

(দেখি পঙ্কিলতাৰে সৌৱা মাৰিছে হাঁহি

     আজি যুগেও মিচিকীয়াই)

(সঁচা মানৱতা আৰু সঁচা অনুভুতি

     আজি কিয় দেখোঁ নাই)

(বোলোঁ সঁচা মানৱতা

  মানুহৰ নাই কিয়

     উদাৰতাও দেখোঁ নাই )

কিহৰ ৰাগীত আজি নিজকে পাহৰিলে

মনৰ সংস্কাৰ একো নাই  ।।

-

[ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰে নিগৰিত গীত]
[ইউনিকড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: