(গান)
হে নতুন ! নমস্কাৰ
যুগে যুগে আহ তই
দেশে দেশে হাঁহ তই
ভোঁহাৰি-বিদাৰি-ফালি
পুৰণি সংস্কাৰ
হে
নতুন ! নমস্কাৰ ৷
নতুন তেজেৰে কৰ
পুৰণি পৃথিৱীখনত
আনি দিয়া ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰেবাৰ,
হৃদয়ে হৃদয়ে ফুল
যত ফুল যত কুঁহি-পাত
নতুন শিল্পীৰ
এই চিৰপূজাৰীৰ
কথা কবি মৰ্ম্মবেদনাত--- মোৰ লবি প্ৰণিপাত,
লবি
প্ৰণিপাত ৷
বিপ্লৱৰ মহাচক্ৰ ঘূৰে
নতুনৰ--- সৃষ্টিৰ অগ্নিবীজ
দিশে দিশে উৰে,
নতুন পৃথিৱীখনত উজ্বলি উঠীছে দূৰে দূৰে
পুৰণিয়ে লৈছে বিদায়--- বেজাৰেৰে, ক্ষোভেৰে
প্ৰতিক্ৰিয়া সংঘাতৰে
ওলগ জনাই
নতুনৰ গানে-সুৰে
জগত জগায় ৷
আলোকৰ যাত্ৰীদলে নৱতম ছন্দত
অব্যৰ্থ খোজেৰে
সৌৱা---
নদ-নদী পাৰ হৈ
পৰ্ব্বতো ভাঙি-ছিঙি
প্ৰগতিৰ প্ৰদীপ
জ্বলাই--- আগবাঢ়ে,
আগবাঢ়ি
যায় ৷
হে নতুন ! নমস্কাৰ---
ৰূপান্তৰেদি তোৰ
সোণ-পোহৰৰ বাট
হেৰ’ বিশ্ববিজয়ী
ৰূপকাৰ !
তোৰ অৰুণ হাঁহিৰ জুই
কালে
কালে
ভুবনে
ভুবনে পৰে
কৰে---
নিখিলৰ জাতিষ্কাৰ ৷
তোৰ সুৰৰ বিজুলী বয়
শিল্পীৰ তেজ হৈ
হেৰ’ মৃত্যু সম
সত্য তই
হেৰ’ দুৰ্নিবাৰ
সনাতন
বন্ধু ! নমস্কাৰ
বাৰে
বাৰে কৰোঁ নমস্কাৰ ৷
তামোলবাৰী
(২৯-০৩-১৯৫০)
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment