হে কবি !
হে ৰবি !
যুগৰ
যুগৰ
এই
ভাৰতৰ
জীৱন ৰহস্যান্বেষী-চিন্তা নিৰত---
অৱসাদক্লিষ্ট
মহামন
তোমাৰে
কণ্ঠত পুনু লভিলে চেতন
অনন্তৰ অন্ত বিচৰা
মুক্তিপিয়াসী---
মহাভাৰতৰ
প্ৰাণ,
উন্মেষি
উঠি
তব
কবিতাৰ
ছত্ৰে
ছত্ৰে ছন্দে ছন্দে---
গুজৰি
ধৰিলে গান ৷
মন্দ্ৰিলা
তাৰে ৰাণী
সুৰাৱলীৰে
অভিনৱ,
মুগ্ধ উদ্বুদ্ধ কৰি
অৱনত ভাৰতৰ ভ্ৰষ্ট মানৱ ৷
বন্ধুৰ সাধনা-পথ যাত্ৰী তপস্যা ধ্যানমগ্ন
মহাভাৰতৰ
মহামন,
ধ্বনিত ৰণিত হ’ল,
সহস্ৰ যুগান্তে,
প্ৰসান্ত
সমাধি
ভাঙি
বাল্মীকি-কণ্ঠত
গায়ত্ৰী
ছন্দত;
সেই মহামনে এই বৰ্ত্তমানত---
তোমাৰেই
ছন্দায়িত
কবিতাত
থিত
লৈ
উচ্চাৰে
বচন ;
কৰিবলে’ মানৱৰ কল্যাণ
সাধন ৷
আজি সেই মহামন---
তোমাৰ
মৰণ-পাৰৰ চিৰজীৱন আদৰা
গন্ধাৱলীৰে দিয়া বন্তিৰূপী চিতাগ্নিৰ
পোহৰত
দীপ্ত হৈ---
মানৱাদৰ্শ বিস্মৃতিৰ আন্ধাৰত,
সনাতন সভ্যতাৰ পথ-প্ৰদৰ্শক
জ্যোতি হৈ জ্বলক বিশ্বত ৷
অসমীয়া
[১৬ আগষ্ট, ১৯৪১]
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment