হে মোৰ আলোক-পূজাৰী প্ৰাণ !
আজি সুন্দৰৰ পূজা-থাপনাত
যাচিবি কিহৰে ষোড়শোপচাৰ,
গাবি কি ৰাগ, কি সুৰেৰেনো
পুৱা-সন্ধিয়াৰ
গান ?
আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান ৷
আজি জনতাৰ পঙ্কজ ৰূপ
জাগে পদুমৰ দৰে,
বোকাত জনমা মানুহে আজি
আলোকলে’ উঠি আহে
বেলিমুৱা হৈ হাঁহে
৷
মাটিৰ-পানীৰ বিদাৰি বক্ষ
জননী গৰ্ভৰ আন্ধাৰ কক্ষ
ওলাল এৰিবলে’
পোহৰত পাহি মেলিবলে’
মানুহৰ এই পৃথিৱীখনত
শান্তি-সুৰভি বিয়পাই
দি
বিশ্বৰ এই সৌন্দৰ্য্য-সৃষ্টিৰ
মহান মেলাত
অভিনৱ এক জীৱনৰ ৰূপ,
পুষ্পিত কৰি তুলিবলে’
আজি মানৱৰ জনজীৱনৰ
সংহত
অভ্যুত্থান ;
দুৰ্নিবাৰ ভূমিকম্প উল্লাসে
বিকশিত হৈ আহিছে
সেই
জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে
জনতাৰ
মহাপ্ৰাণ ৷
আজি জনতাৰ আলোকবিজয়ী
অপূৰ্ব্ব
অভিযান
আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ
আহ্বান,
নৱজীৱনৰ মহাসংঘাতে
কঁপায় বৰ্ত্তমান ৷
আজি সাৰ্থক হ’ক বেদত ধ্বনিত হোৱা
আলোকৰ আগমনী মন্ত্ৰ
প্ৰবুদ্ধ্ জনতা জায়………..জয় জনতন্ত্ৰ
জয়
স্বতন্ত্ৰ
জয়
স্বতন্ত্ৰ
জয় জয় জয় জয় ----- আলোক-মন্ত্ৰপূত
মহামানৱতন্ত্ৰ
জয় জনতন্ত্ৰ
জয় স্বতন্ত্ৰ
জয়
স্বতন্ত্ৰ ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment