গাঁৱৰে জীয়ৰী সপোন সুন্দৰী
গাঁৱতে সৰগ ৰঁচো মই
মাটিতে সৰগ ৰঁচো মই
দেৱতাই ৰ লাগি চায় ৷
ধুনীয়া মন মোৰ কুমলীয়া
বাহু দুটি মোৰ লহ্পহীয়া
কাকনো সাৱটিব খুজি
অলিয়া-বলিয়া হয় ৷
অ’.....
দেহাৰ বৰণ মোৰ চম্পা ফুলীয়া
চুলিৰ বৰণ মোৰ এন্ধাৰ কলীয়া
খোজত মলয়া বয় ৷
গাৱৰে ধাননীৰে মইয়েই দাৱ্নী
মুগাৰে ৰিহাখনিৰ মইয়েই বোৱনী
মোক দেশেই সাৱটি লয়
মুকলিমুৰীয়া চেনেহ নিজৰাই
লুইতকে ধিয়াই বাগৰি বাগৰি যায়
আশাৰো যে শেষ আজি নাই
জিৰ জিৰ জিৰ জিৰ নাচোন নাচে
ৰমকে জমকে সাজোন কাচে
মোক সাগৰেও সাৱটি লয়
(ইউনিক’ডীয় ৰূপান্তৰ-দীপা ডেকা)
[কথাছবি :- পিয়লি ফুকন, ১৯৫৫ চন]
[কথাঃ ভূপেন হাজৰিকা]
[কণ্ঠঃ গুণদা দাস কৌৰ]
No comments:
Post a Comment