গোদাবৰী নৈৰে পাৰৰে পৰা
অসমী আইলৈ যাঁচো প্ৰণাম
সেখন দেশ মোৰ দূৰণিৰ দেশ
তথাপি চিনাকী শুৱনী নাম
অসমী আইলৈ যাঁচো প্ৰণাম
জোনাকৰে ৰাতি চাগে অগ্নিগড়ত
ঊষা জনীয়ে আজিও বিনায়
মহাৰাষ্ট্ৰতো সীতাৰ বিলাপ শুনি
পঞ্চবটি বনে চকুলো সৰায়
(হেনো) শংকৰে দিছিলে মানবী ধৰম
দুৰ্জ্জেয় সাহ দিলে বীৰ লাচিতে
লোকপ্ৰিয় গোপীনাথে দিলে
মুক্তিৰ মহা প্ৰবাহ
মহাৰাষ্ট্ৰতো বীৰ শিবাজীয়ে
তিয়াগি নৃপৰ বিলাস
দেশৰ হকে জীৱন যাচিলে
গুৰু আছিল ৰাম দাস
মহান তিলক আৰু বীৰ চাভাৰকাৰে
যুঁজিছিল অবিৰাম
সেইখন দেশৰে জিয়ৰী মই
অসমী আইলৈ যাঁচো প্ৰণাম
মই মাৰাঠী গাৱৰে জিয়ৰী
নয়নত লাজ ভৰা চাৱনি
চাৱনি....চাৱনি
(পিচে) ৰণক্ষেত্ৰতে “পোৱাড়” গাঁও
আনন্দতে গাঁও “লাৱন”
সূৰুজ উঠাৰ আগতে “ওবি”
গাঁও প্ৰভুকে সুৱৰি
অসমৰ জিয়ৰীয়ে যেনেকৈ গায়
বৰগীত বিহু হুচঁৰি
লুইতৰ পাৰে পাৰে আছে হেনো কত
ধুনীয়া ধুনীয়া ধাম
সেইখন দেশ মোৰ দূৰণিৰ দেশ
তথাপি চিনাকী শুৱনী নাম
অসমী আইলৈ যাঁচো প্ৰণাম
(ইউনিক’ডীয় ৰূপান্তৰ-দীপা ডেকা)
No comments:
Post a Comment