এই মহিলা মহিলা
ক’লৈনো আহিলাঁ
গচকত মাৰিলা বন
মহিলা মহিলা কি
যে ভুল কৰিলাঁ
পুৰুষৰ নুবুজা মন ৷
গল চাই গহনা
গাটো চাইয়ে
চোলা...
মূৰ চাই সেওঁতা ফালাঁ.. !
পিচে মূৰৰে
ভিতৰত যিকণি মগজু
তাৰে উমান জানো
পালাঁ
মূৰৰে ভিতৰত
যিকণি মগজু
তাৰে উমান জানো
পালাঁ ৷
এ....
লাও বাই পোহাৰী
জিকা বাই পোহাৰী
জিকাৰে মূৰৰে
ফুল
তোমাৰে তুলনাত ..
পোহাৰীও সন্দৰী
নিবিচাৰোঁ
জাতি-কুল ;
এ...
কিমাননো
পানীৰে
মাছ তুমি
মোহিলা
বাৰুকৈয়ে জনা
আছে !
মাখিৰ মূ-ৰে
কাটি.. !
জয়ঢোল বজালে
পুৰুষে যে
নেনাচে !
এ.. বতাহী ৰথেৰে
বেগেৰে নেযাবা
বাটত ধূলি পৰি ৰ’ল
হেজাৰ হওক মহিলা
পাহৰি নেযাবা
মহিলা পুৰুষৰ তল
হাতীৰে দাঁতকে
চিকুটি ছিঙিব
খুজিলেই !
জানো পাৰি..!
(পিছে)পুৰুষ জাতিটো
পৃথিৱীত নহ’লে
মহিলা থাকিব পাৰে
পুৰুষ জাতিটো
পৃথিৱীত নহ’লে
মহিলা থাকিব পাৰে ,
পুৰুষ জাতিটো
পৃথিৱীত নহ’লে
মহিলা থাকিব পাৰে ,
পুৰুষ জাতিটো
পৃথিৱীত নহ’লে
মহিলা থাকিব পাৰে ৷৷
(কথাছবি: নিয়তি,১৯৭৬ চন)
(জয়ন্ত
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment