অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ বান্ধৈ তাঁতৰ শালৰ শিপিনী


বান্ধৈ তাঁতৰ শালৰ শিপিনী
বান্ধৈ ৰাধা নে অ ৰুক্মিণী
বান্ধৈ বিজুলীৰে চাৱনি
দেখি মনে ৰাইজাই কৰে ৷৷

                   বান্ধৈ হোজা- চহা ডেকা মই
                   দত ঘামো-জামো ঐ
                   বান্ধৈ সজাওঁ-পৰাওঁ পথাৰ
                   মনে মোৰ কইনা বিচাৰে ৷৷

বান্ধৈ সোণখটোৱা ঢোলবিৰী
বান্ধৈ মিনাকৰা জোনবিৰী
বান্ধৈ যাচিবযে নোভাৰোঁ
মনে মোৰ কেনেবা কৰে ৷

                   বান্ধৈ একঠা যে আছে মাটি
                   বান্ধৈ তাকে ৰাখিম সাবটি
                   বান্ধৈ সঁপি দিম জীৱনটি
                   কেভে আৰু কাঢ়িব নোৱাৰে ৷৷

বোলোঁ শিপিনীয়ে চাইছে
বোলোঁ মিচিক্-মাচাক্ হাঁহিছে
বোলোঁ মোকে হেনো বৰিব
লে মোক চকুৰে ঠাৰেৰে ৷৷

(গুৱাহাটী: ১৯৫৪ চন)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: