অ’ মোৰ জীৱনৰ প্রিয় লগৰি
কওঁ তোমাক আজি
কথা এষাৰি ৷
অতীতৰ পৰাজয়
পাহৰি পেলাবা
পিচলৈ টানিলে
ঘুৰি নেচাবা ৷
নিৰাশাৰ ক’লা মেঘ খন্তেকীয়া
আমাৰ আশা
চিৰ দিনীয়া ৷
যৌৱন সেউজ ৰং
পাহৰি নেযাবা
শুভ আঁচনি লৈ আগ
বাঢ়িবা ৷
আমাৰ প্রেম
সৃষ্টিময়
ইঙ্গিত চোৱাঁ সৌ
জ্যোতিৰ্ম্ময় ৷
দূৰত্ব দেখি
তুলি ভয় নেখাবা
মোক কাষতে লৈ আগবাঢ়িবা ৷৷
(কলকাতা : ৫ চেপ্টেম্বৰ, ১৯৯৩ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment