বনৰে পখীটি !
তোমাৰ লগৰীয়া আমাৰে জোনটি
পদুমৰ কলিটি !
তোমাৰ লগৰীয়া
আমাৰে জোনটি, সোণটি
অ’ অ’ জোনটি ৷
আমাৰ তপোবনৰ
ধুনীয়া ধনটি, সোণটি
তুমি শকুন্তলাৰ
হিয়াৰ মাণিক
জিলমিল্ জিলমিল্
কৰা
নোপোৱাৰ বেদনাৰে
এন্ধাৰ পঁজাৰ
তুমিয়ে বন্তি ৷
পদুমৰে মধু
দিলোঁ আৰু দিলোঁ ক্ষীৰ কামধেনুৰ
তিলক দিলোঁ
চন্দনৰ আৰু দিলোঁ ৰহণ ৰামধেণুৰ ৷
আমাৰ শত মৰম
দিলোঁ , দিনে দিনে তুমি বাঢ়াঁ
মানৱৰে দুশ নাশি
পৃথিৱী মহান কৰাঁ ৷
ইতিহাসৰ পাতে পাতে
যুগমীয়া হওক
তোমাৰ নামটি !
আমাৰ তপোবনৰ
ধুনীয়া ধনটি ৷
(কথাছবি: শকুন্তলা , ১৯৬১ চন )
(ভূপেন
হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment