অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পূজো আহা আই মাতৃৰ


পূজো আহা আই মাতৃৰ চৰণ কমল
উঠক বাজি জয় ধ্বনি পৰম মঙ্গল..
পূজো আহা আই মাতৃৰ চৰণ কমল
উঠক বাজি জয় ধ্বনি  পৰম মঙ্গল..

পূজাৰ দৌলত চন্দন চৰা
বন্তি জ্বলাই উজ্বল কৰা.... !
পূজাৰ দৌলত চন্দন চৰা
বন্তি জ্বলাই উজ্বল কৰা.... !
সুপবিত্র কৰা ধালি শান্তিয়নী জল
সুপবিত্র কৰা ধালি শান্তিয়নী জল
পূজো ! আহা .. আই মাতৃৰ চৰণ কমল
উঠক বাজিজয় ধ্বনি ! পৰম মঙ্গল..

কি আছে  কি দিম আমি ?
দুখীত আতুৰ !
আই মাতৃৰ চৰণ সেৱি !
আই মাতৃৰ চৰণ সেৱি !
হৃদয় কৰো জুৰ !
কমল মাথো চকুৰ পানী  
চৰণ ধুৱাও তাকেই আনি !

কমল মাথো চকুৰ পানী
চৰণ ধুৱাও তাকেই আনি ..!

বুকুৰ তেজৰ অৰ্ঘ্য ঢালি
পূৰাও পদতল ..!
বুকুৰ তেজৰ অৰ্ঘ্য ঢালি
পূৰাও পদতল.. !
পূজো আহা আই মাতৃৰ চৰণ কমল !
উঠক বাজি জয় ধ্বনি পৰম মঙ্গল..
পূজো আহা আই মাতৃৰ চৰণ কমল
উঠক বাজি জয় ধ্বনি পৰম মঙ্গল..
পৰম মঙ্গল.. !
পৰম মঙ্গল.. ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: