অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ হৰি , ইখন স্রজিলা কিনো শান্তি নিকেতন (বাল্মীকি আশ্রম)


হৰি , ইখন স্রজিলা কিনো শান্তি নিকেতন
বাল্মীকি দেউ বহি আছে জেন হিমাচল ৷৷

চন্দন বন হালি জালি সুগন্ধি বিলাই
পাৰিজাত হাঁসি মাৰি ভ্রমৰ ভুলাই ৷৷

শিষ্যসৱে পুষ্প আনে আঞ্চোল ভৰিয়া
মৃগ শিশু সঙ্গে নাচে আনন্দ কৰিয়া ৷৷

জ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান
হংস পাখি কাপ ধৰি ৰচে ৰামায়ণ ৷৷


(গুৱাহাটী,১৯৪৩)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: