অ’ হৰি , ইখন স্রজিলা কিনো শান্তি নিকেতন
বাল্মীকি দেউ
বহি আছে জেন হিমাচল ৷৷
চন্দন বন হালি
জালি সুগন্ধি বিলাই
পাৰিজাত হাঁসি
মাৰি ভ্রমৰ ভুলাই ৷৷
অ’ শিষ্যসৱে পুষ্প আনে আঞ্চোল ভৰিয়া
মৃগ শিশু
সঙ্গে নাচে আনন্দ কৰিয়া ৷৷
অ’ জ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান
হংস পাখি কাপ
ধৰি ৰচে ৰামায়ণ ৷৷
(গুৱাহাটী,১৯৪৩)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment