অ সুৰ খেলিমেলি
হ’ল
গৰখিয়া কেনি গ’ল ?
অ’ গৰখীয়া কেনি গ’ল ?
উদং পথাৰ উদং
মনৰ
গৰখীয়া কেনি গ’ল ?
অ’ গৰখীয়া কেনি গ’ল
উদং কৰা মনৰে
মৰম
গৰখীয়া কেনি গ’ল
অ’ গৰখীয়া কেনি গ’ল
ল-ল-ল-ল-ল-ল-লহ্
তিহিটি তিহিটি
তিনিটি আঙুলি
লৰা
অ’ তিনিটি আঙুলি লৰা
কোনে হৰি নিলে
মোহিনী ডেকাটো
সকলোৰে মন হৰা
অ’ সুৰ খেলিমেলি হ’ল
অ’ গৰখীয়া কেনি গ’ল ৷
উদং সুৰীয়া জীৱন
যুৰীয়া
যনম বিফলে যায় ঐ
অ’ জনম বিফলে যায় ৷
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া
No comments:
Post a Comment