অনুসন্ধান আকাংক্ষাত

Saturday, December 28, 2019

আই অ’ আই

আই অ’ আই
আমি সাতজনী জী
লুইতৰ বালিতে
ওমলি আছিলোঁ
ৰ'দ কাঁচলিত বহি
আই অ’ আই
-
মেঘে মেঘে সাৱতিলে
খাচীৰ সপোনবোৰ
চৰাগীতে ভাঁহি উঠে
ঐক্যবদ্ধতাৰ সুৰ
যিদিনা হ'লোঁ নিজে
ঠিয় দিব পৰা
মেঘালয় নাম মোৰ
সিদিনাৰ পৰা
আই অ' আই।
-
পুৱতি অৰুণে ভুমুকি মাৰিলে
অৰুণাই পাতিলে আঁচল আই
অৰুণাই পাতিলে আঁচল
অৰুণাচল বুলি নিজক চিনাকি দি
তায়ো বেলেগ হৈ গ'ল হায়
তায়ো বেলেগ হৈ গ'ল
নিজৰ আখলত ৰান্ধনী বিচাৰি
কন্যাক বিচাৰিলে দান
কন্যাক বিচাৰিলে দান
ঢোলে ডগৰে অসমীৰ পদূলিত
জোঁৱাই দেখোন মিজোৰাম আই
জোঁৱাই দেখোন মিজোৰাম
আই অ' আই
-
বহু যুগতে আহোম স্বৰ্গদেৱে
টিপাতে কৰিছিল খেণ
হঠাৎ সভ্যতাৰ জাগৰণ উঠি
জন্ম হ'ল নগালেণ্ড হায়
হঠাৎ সভ্যতাৰ জাগৰণ উঠি
জন্ম হ'ল নগালেণ্ড
চিত্ৰাঙ্গদাই বোলে কুৰি শতিকাত
কৰিছিল ৰাজকীয় ভুল
কৃষ্টি ৰক্ষাৰ চেলু বিচাৰি
সৃষ্টি হ'ল মণিপুৰ হায়
কৃষ্টি ৰক্ষাৰ চেলু বিচাৰি
সৃষ্টি হ'ল মণিপুৰ
আই মই বংগৰ
সীমাত ঘৰ সাজিছোঁ
শতৰুৰ চাম ৰেহ-ৰূপ
আই মই বংগৰ
সীমাত ঘৰ সাজিছোঁ
শতৰুৰ চাম ৰেহ-ৰূপ
ত্ৰিপুৰা নামেৰে ৰাইজেই জানিব
ত্ৰিপুৰা নামেৰে ৰাইজেই জানিব
পাহৰি নেযাবি মোক আই
পাহৰি নেযাবি মোক
-
কাৰ্বিআংলং অতীৱ ধুনীয়া
চিফুঙৰ সুৰটি বৈষ্ণৱ যুগীয়া
প্ৰীতিৰ এনাজৰী মিচিং ভাই-ভনী
আমাৰ বুকুৰেই তেজ
বিভেদ আনিব খোজা
শকতিক কৰিমেই
চিৰদিনলৈ নিঃশেষ
বিভেদ আনিব খোজা
শকতিক কৰিমেই
চিৰদিনলৈ নিঃশেষ
অসমীয় আইৰ সাতোজনী ভনী
মেঘালয়, অৰুণাচল, মিজোৰাম,
নগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, অসম
আজি আনুভূতিক সম্বন্বয়েৰে
সংযুক্ত পুণৰ
কাৰ্বিআংলং, বড়ো, ৰাভা, মিচিমি,
মিলিলে অসমক জিনোঁতা নাই
সেই মহা-মিলনৰ প্ৰতিজ্ঞা ভঙাৰ
শতৰুৰ কলিজা নাই
মিলনৰ গীত গাই গাই
আই অ' আই।।
-
ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত 
ইউনিক'ড ৰূপান্তৰঃ অনামিকা বৰা 

No comments: