নাৰীঃ-  (মন মোৰ চম্পাকলি
উন্মুখ
অন্তৰ খুলি
সানিলে
তন্দ্ৰাৰ মায়া
জোন
চেঁচা এই গধূলি) ←২
দুয়োঃ-  অ’...
পুৰুষঃ-         মন মোৰ চম্পাকলি
উন্মুখ
অন্তৰ খুলি
সানিলে
তন্দ্ৰাৰ মায়া
        জোন
চেঁচা এই গধূলি
দুয়োঃ- অ’...
        মন
মোৰ চম্পাকলি
-
পুৰুষঃ- সোণ পৰিধিলিকা নিশা
        শুনি
গুণ গুণ তৰাৰ ভাষা
নাৰীঃ-  অ’...
        সোণ
পৰিধিলিকা নিশা
        শুনি
গুণ গুণ তৰাৰ ভাষা
দুয়োঃ-  তোমাৰেই অন্তৰ ভৰি
        মোৰ
সুৰভি দি উজাৰি
        মন
মোৰ চম্পাকলি
উন্মুখ
অন্তৰ খুলি
সানিলে
তন্দ্ৰাৰ মায়া
        জোন
চেঁচা এই গধূলি
        অ’...
        মন
মোৰ চম্পাকলি
-
নাৰীঃ-  (শুক তৰা সৌ পৰে ঢলি
        মৰমীয়া
মোহনীয়া
        জোনাকৰ
হীম পৰে গলি) ←২
পুৰুষঃ- অ’...
        তাৰ
বাবে মোৰ পাপৰি
        স্বপ্নৰ
মায়া জাল তৰি
নাৰীঃ- অ’...
        তাৰ
বাবে মোৰ পাপৰি
        স্বপ্নৰ
মায়া জাল তৰি
দুয়োঃ-  ৰ’ব যেন অনন্ত নিশা
        স্মৃতিৰ
কণিকা বুটলি
নাৰীঃ-  মন মোৰ চম্পাকলি
উন্মুখ
অন্তৰ খুলি
সানিলে
তন্দ্ৰাৰ মায়া
        জোন
চেঁচা এই গধূলি
দুয়োঃ-  অ’...
পুৰুষঃ- মন মোৰ চম্পা কলি
উন্মুখ
অন্তৰ খুলি
সানিলে
তন্দ্ৰাৰ মায়া
        জোন
চেঁচা এই গধূলি
        অ’...
দুয়োঃ-  মন মোৰ চম্পা কলি ।।
-
কথাঃ-        নৱকান্ত
বৰুৱা
কণ্ঠঃ-         দ্বীপেন
বৰুৱা আৰু মিতালী দে
বোলছবিঃ- ইটো সিটো
বহুতো
পৰিচালকঃ- ব্ৰজেন
বৰুৱা
সংগীত পৰিচালকঃ-
ব্ৰজেন বৰুৱা
মুক্তিঃ- ১৯৬৩
ইউনিক’ড ৰূপান্তৰঃ-
দিগন্ত শইকীয়া
 
 
No comments:
Post a Comment