পুৰুষঃ- (য’ক উৰি পখিলাটি
ব'গা ক'লা পাখি মেলি
তাৰ কথা
ভাবি গুণি
কিনোবা
কৰিম)←২
য’ক উৰি
পখিলাটি
-
(এটি দুটি কৰি যাব বছৰ ঘূৰি
উৰহিৰ ওৰ
জানো পাবা বিচাৰি)←২
-
নাৰীঃ- (মিছামিছি হুৱা দুৱা
জীৱনটো
যে কেৱল জুৱা)←২
হয় তল
চিৰি তল
এক কা
গোলাম
পুৰুষঃ- যদি দুখ লাগে কেতিয়াবা
হাঁহি
অলপ চতিয়াবা
জীৱনৰ ক'লা ৰং হাঁহিৰে বোলাম
দুয়োঃ- য'ক উৰি পখিলাটি
ব'গা ক'লা পাখি মেলি
তাৰ কথা
ভাবি গুণি
কিনোবা
কৰিম
পুৰুষঃ- য'ক উৰি পখিলাটি
-
(তুমি এটি ফুল কলি বাটনহলৰ
নেলাগে
জ্বলাব চাকি তুলসী তলৰ)←২
নাৰীঃ- (এন্ধাৰ ঘৰৰ দূৱাৰ মেলি
দেখা
পাবা চোতাল ভৰি) - ২
কৰি আহা
ক'লা ছাঁই
পপীয়া
তৰাই
পুৰুষঃ- হায় হায়
সেউজ
কালৰ ধূলি আনি
ঢালি অলপ
চকুপানী
জীৱনৰ
ভেলা ঘৰৰ
পুতলা
সজাম
দুয়োঃ- য'ক উৰি পখিলাটি
ব'গা ক'লা পাখি মেলি
তাৰ কথা
ভাবি গুণি
কিনোবা
কৰিম
পুৰুষ- য'ক উৰি পখিলাটি
ব'গা ক'লা পাখি মেলি
তাৰ কথা
ভাবি গুণি
কিনোবা
কৰিম ।।
-
কথাঃ- নৱকান্ত
বৰুৱা
কণ্ঠঃ- দ্বীপেন
বৰুৱা আৰু বৰ্নিকা বৰুৱা
বোলছবিঃ- ইটো সিটো
বহুতো
পৰিচালকঃ- ব্ৰজেন
বৰুৱা
সংগীত পৰিচালকঃ-
ব্ৰজেন বৰুৱা
মুক্তিঃ- ১৯৬৩
ইউনিক’ড ৰূপান্তৰঃ-
দিগন্ত শইকীয়া
No comments:
Post a Comment