অনুসন্ধান আকাংক্ষাত

Thursday, February 8, 2018

জোনালী নিশা তৰা লেখি লেখি

জোনালী নিশা তৰা লেখি লেখি
হ'লোঁ মই আত্মহাৰা ←২
সেয়েহে মনৰ মুক্ত নিজৰা
শান্তি সুষমা ধাৰা
-
মধু মালতীৰ গন্ধ
মুক্ত বায়ু ছন্দ
ষুকুলা মেঘৰ ৰূপালী আভাৰে
আহা আপোন পাহৰা
-
দূৰ দিগন্ত বিয়পি
অত যে সুৰৰে খেলা
মোৰ হৃদয় উপচি আজি
সাতো ৰহণৰে মেলা
হ'ল আজি মন সপোন মগন মগন
নিবিড় ছন্দেৰে ভৰা
হ'লোঁ মই আত্মহাৰা ।।
-
[কণ্ঠঃ- মালবিকা বৰা; কথাঃ- হেমন্ত গোস্বামী]
[ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: