অনুসন্ধান আকাংক্ষাত

Thursday, February 8, 2018

জীৱনৰ আজি এটি সোণোৱালী দিন

জীৱনৰ আজি এটি সোণোৱালী দিন
আকুল আৱেশ ভৰা সপোন ৰঙীন
মোৰ মন উলাহত উৰিছে
হৃদয় উপচি পৰিছে
-
ৰিমঝিম বৰষাই গান গায় গায়
আশাৰ তৰণী মোৰ নিয়ে উটুৱাই
অনন্ত সাগৰৰ উৰ্মিমালা
মোক যেন কাষলৈ মাতিছে
-
কত যে কামনা বালিঘৰ সাজিলোঁ
মধুময় জীৱনৰ আঁচনি কৰিলোঁ
আজি অনন্য দুৱাৰ দলিত
হঠাতে আহি থিয় দিলোঁ
-
আকাশে বতাহে আজি গান আৰু গান
ৰঙৰ প্লাৱন যেন নামিছে
মোৰ মন উলাহত উৰিছে
হৃদয় উপচি পৰিছে
-
[কণ্ঠঃ- সমৰ হাজৰিকা & শান্তা উজীৰ; কথাঃ- হেমন্ত গোস্বামী[
[ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: