অনুসন্ধান আকাংক্ষাত

Monday, February 26, 2018

পলাশ ৰাঙলী হ'ল

[পুৰুষঃ- পলাশ ৰাঙলী হ'ল
নাৰীঃ- মনো ৰাঙলী হ'ল]←২
দুয়োঃ- পখিলা উৰিবৰ হ'ল
ফাগুণও আহিবৰ হ'ল
পুৰুষঃ- জাক জাক পখিলা উৰিছে
নাৰীঃ- মনৰে ময়ুৰী নাচিছে
দুয়োঃ- উদুলি মুদুলি
মনৰে পদূলিত
ফাগুণ ফাগুণ লাগিছে ←২
-
নাৰীঃ- বতাহত আঁচল উৰিলে
পুৰুষঃ- উৰিলে
নাৰীঃ- ফাগুণে মনক সঁজালে
পুৰুষঃ- সঁজালে
দুয়োঃ- [সেই পাহাৰত
নাচোঁ উৰি উৰি] ←২
কৃষ্ণচূড়া ফুলিলে ←২
-
নাৰীঃ- দেখোঁ যেন সেই দূৰণিত
চেনেহৰ ধান খুন্দা দি
পুৰুষঃ- জাত গাভৰুৰ হাঁহি ←২
যেন পাহাৰৰ মনোমোহা বাঁহী..টি
নাৰীঃ- ওঁ..হু ←৩
পুৰুষঃ- ওঁ..হু ←৩
দুয়োঃ- ৰলাম লাকল্লা মাৱ, ছালিবাক্ৰা মাৱ (?) ←২
পুৰুষঃ- মোৰ প্ৰেয়সী পাহৰি নাযাবা
জীৱন যাব বিফলে ←২
[পুৰুষঃ- পলাশ ৰাঙলী হ'ল
নাৰীঃ- মনো ৰাঙলী হ'ল]←৩ ।।
-
কণ্ঠঃ-                    খগেন মহন্ত আৰু অৰ্চনা মহন্ত
বোলছবিঃ-              ৰশ্মিৰেখা
পৰিচালকঃ-            প্ৰফুল্ল বৰুৱা
সংগীত পৰিচালকঃ-  ড° উপেন কাকতি
ইউনিক'ড ৰূপান্তৰঃ  দিগন্ত শইকীয়া ৷

No comments: