অনুসন্ধান আকাংক্ষাত

Sunday, December 3, 2017

মুখখনি গৈ মুখা হ’ল ঐ

(মুখখনি গৈ মুখা হ’ল ঐ
ৰং ইমানকৈ সানিছা কেলৈ
কোনেনো চাব ৰৈ ৰৈ
ঐ দেহি কোনেও নেচাই ঐ)←২
-
(চকুতে ক’লা কাঁজল
ওঁঠতে ৰঙা ৰং
চুলি যেন চৰাই বাহ
তাতে কিনো ছং)←২
(মোৰে দেহি ক’তে মৰোঁগৈ
দেহি দেখি দুখে লাগে ঐ)←২
-
এখোজ দুখোজকৈ যোৱানো কলৈ
অভিমানিনী যোৱানো কলৈ
বেয়া পালে কি যে কৰোঁ ঐ
ঐ দেহি সঁচা কথা কলোঁ সঁচাকৈ
-
(নেকান্দিবা বেয়া দেখি
মুখ হ’ল পাঁচি
অ' নহয় অ' নহয়
যেন ফুলা লুচি)←২
(আয়ৈ দেহি আৰু নকওঁ ঐ
সইত সইত কাণত ধৰোঁ ঐ)←২ ।।
-
কথাছবিঃ-                  শ্ৰী মতী মহিমাময়ী
সংগীতঃ-                   কুল-অতুল
শিল্পীঃ-                       কুল বৰুৱা
(ইউনিক'ড ৰূপান্তৰ :- অনুৰাধা বৰুৱা & দিগন্ত শইকীয়া)

No comments: