অনুসন্ধান আকাংক্ষাত

Sunday, August 20, 2017

হেৰা মোৰ অসমবাসী

হেৰা মোৰ অসমবাসী
ভাবিছানে আজি তুমি ?
হেৰা মোৰ অসমবাসী
ভাবিছানে আজি তুমি ?
অসমৰ অসমীয়াৰ কতেনো স্থিতি
আজি ভাবিবৰ হ'ল ,আজি ভাবিবৰ হ'ল
আজি ভাবিবৰ হ'ল ,আজি ভাবিবৰ হ'ল
হেৰা মোৰ অসমবাসী
ভাবিছানে আজি তুমি ?
তুমি ...তুমি ... তুমি ....

কত শ্বহীদৰ কেঁচা তেজৰ  সোঁতত
অসমৰ মলিনতা ধুই নিকা হ'ল
কালৰাত্ৰিৰ শেষত যুঁজি
নতুন সুৰুজ অসমৰ আকাশত
সেই সুৰুজৰ উজ্জ্বলতা যদি আজি ম্লান হৈ যায় !
অসমত অসমীয়াৰ কিনো হব গতি
আজি ভাবিবৰ হ'ল
আজি ভাবিবৰ হ'ল
আজি ভাবিবৰ হ'ল আজি ভাবিবৰ হ'ল !

হেৰা মোৰ অসমবাসী
ভাবিছানে আজি তুমি
তুমি ... তুমি ... তুমি ...

অসমৰ ভাষাটিৰ পৰিধি আজি
লুইতৰ দুয়োপাৰে হৈছে স্থিতি
অসমৰ ভাষাটিৰ পৰিধি আজি
লুইতৰ দুয়োপাৰে হৈছে স্থিতি
এই পৰিধিও যদি হ্ৰাস হৈ যায়
নিঃশেষ হব জাতি উপজাতি
সেয়ে থলুৱা অসমীয়া মিলি জুলি
আইৰ ভেঁটিটো দৃঢ় কৰা
নহলে আমিয়েই হম ভগনীয়া
আজি মিলিবৰ হ'ল সেয়ে মিলিবৰ হ'ল
সেয়ে মিলিবৰ হ'ল আজি মিলিবৰ হ'ল !

হেৰা মোৰ অসমবাসী
ভাবিছানে আজি তুমি
তুমি ... তুমি .... তুমি ...

নতুন পুৰুষ হ'ল দেশৰ নেতা
নিৰ্ভয় সেয়ে অসমৰ জনতা
নতুন পুৰুষ হ'ল দেশৰ নেতা
নিৰ্ভয় সেয়ে অসমৰ জনতা
ক'লা ডাৱৰেও যদি ধৰে আৱৰি
নপৰে ম্লান যেন দেশৰে প্ৰজা
অসমৰ জনতা সঁহাৰি দিয়া
নতুন পুৰুষক সাহস দিয়া
নহলে আমিয়েই হম জগৰীয়া
জাগিবৰ হ'ল সেয়ে জাগিবৰ হ'ল
জাগিবৰ হ'ল আজি জাগিবৰ হ'ল !

হেৰা মোৰ অসমবাসী
ভাবিছানে আজি তুমি
অসমৰ অসমীয়াৰ কতেনো স্থিতি
আজি ভাবিবৰ হ'ল আজি ভাবিবৰ হ'ল
আজি ভাবিবৰ হ'ল আজি ভাবিবৰ হ'ল !

আজি জাগিবৰ হ'ল
আজি মিলিবৰ হ'ল
আজি জাগিবৰ হ'ল ।।

ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক’ড ৰূপান্তৰ: নীলাক্ষি দেৱী ডেকা

No comments: