অনুসন্ধান আকাংক্ষাত

Sunday, July 30, 2017

মোৰ মনৰ যত কথা

মোৰ মনৰ যত কথা
যত গান গোপন অভিমান...

মোৰ মনৰ যত কথা
যত গান গোপন অভিমান
মই আজি লিখি থৈ যাম
কল্যাণীয়া মাথোঁ তোমাৰ বাবেই
লিখি থৈ যাম...
{ কল্যাণীয়া মোৰ কল্যাণীয়া } ২

{পুতলা ঘৰৰ পুতলা যত} ২
আছিল আমাৰ আপোন কত
থাকিব পৰি হয়তো তাতে
তোমাৰ কোমল শত পৰশ
তাৰেই নিজে নিজক সজাম
কল্যাণীয়া মাথোঁ তোমাৰ বাবেই
লিখি থৈ যাম...
{ কল্যাণীয়া মোৰ কল্যাণীয়া } ২

{ এই জীৱনৰ চ'ৰা ঘৰতেই
শীতল পাতি ৰ'ল যে পৰা
কান্দোন হাঁহিৰ বকুল ফুলি
ৰ'ল যে বাকী মালা গঁঠা } ২

{ হয়তো এদিন পৰিব মনত } ২
মোকেই সুঁৱৰি তুলসী তলত
এগছি চাকি জ্বলাই দিবা
তেনে সুখৰ ছৱি যদি
চকু জুৰাই চাবলে পাম
কল্যাণীয়া মাথোঁ তোমাৰ বাবেই
লিখি থৈ যাম...
{ কল্যাণীয়া মোৰ কল্যাণীয়া } ২

মোৰ মনৰ যত কথা
যত গান গোপন অভিমান
মই আজি লিখি থৈ যাম
কল্যাণীয়া মাথোঁ তোমাৰ বাবেই
লিখি থৈ যাম...
{ কল্যাণীয়া মোৰ কল্যাণীয়া } ৪
-
ভূপেন হাজৰিকা দেৱৰ কণ্ঠৰে নিগৰিত গীত 
ইউনিক'ড ৰূপান্তৰঃ অনামিকা বৰা 

**************************

No comments: