Assamese Song: O maiki mohor bejarot (duet)
Album: Ajala Kokai
Singer: Dwipen Baruah and Kokila Goswami
Music Director: Romen Baruah
Year: 1972
পুৰুষঃ অ’ মাইকী ম’হৰ বেজাৰত !
মতা ম’হ বেচিলোঁ
লাখুটি তুলিলোঁ চাঙত !
নাৰীঃ হয়নে
মোৰে কাৰণে
ঘৰবাৰী এৰি থৈ
(এ)সোমাবাগৈ ভুটীয়া চাঙত
-
পুৰুষঃ অ’ তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ..
তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ..
চালেই..
চকু চাট মাৰি যায়
নাৰীঃ (চকুতে চকু থৈ
নক’বা তেনেকৈ)←২
মোৰো লাজ লাগি যায়
পুৰুষঃ অ’
(তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ)←২
-
(হিয়া জুৰনীয়া
মোৰ মন উৰণীয়া)←২
নাৰীঃ তোমাৰ
হিয়াৰ মৰমেৰে
মোৰ মন হেঙুলীয়া
পুৰুষঃ হিয়া জুৰনীয়া
মোৰ মন উৰণীয়া
নাৰীঃ তোমাৰ
হিয়াৰ মৰমেৰে
মোৰ মন হেঙুলীয়া
দুয়োঃ (ব’হাগ আহিলে !
কুলিয়ে মাতিলে)←২
মোৰো মন নচুৱায়
পুৰুষঃ অ’
(তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ)←২
-
(জীৱন দুদিনীয়া
জানা প্ৰেম বৰণীয়া)←২
নাৰীঃ মৰম !
জানা মোহনীয়া
স্মৃতি যুগমীয়া
পুৰুষঃ জীৱন দুদিনীয়া
জানা প্ৰেম বৰণীয়া
নাৰীঃ মৰম !
জানা মোহনীয়া
স্মৃতি যুগমীয়া
দুয়োঃ (যৌৱন জাগিলে
পিৰিতি লাগিলে)←২
মৰমে দোলা দি যায়..
পুৰুষঃ অ’ তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ
তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ..
চালেই
চকু চাট মাৰি যায়
নাৰীঃ চকুতে চকু থৈ
নক’বা তেনেকৈ
মোৰো লাজ লাগি যায়
পুৰুষঃ অ’ তেনেকৈ বেঁকাকৈ
নাচাবা নাচাবা চকুলৈ..
নাৰীঃ মোৰো লাজ লাগি যায় ।।
বোলছবি/এলবাম: অঁজলা ককাই
গায়ক/গায়িকা: দ্বিপেন বৰুৱা আৰু কোকিলা গোস্বামী
পৰিচালকঃ দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment