অনুসন্ধান আকাংক্ষাত

Thursday, February 19, 2015

মোৰ দৃষ্টিত তুমি ধৰা পৰিলা





মোৰ দৃষ্টিত তুমি ধৰা পৰিলা

আৰু দৃষ্টিৰে মনলৈ আহিলা

যদি এয়ে মৰম হয়
 
এই মৰম কিমান ভাল..

এই মৰম কিমান ভাল..



মোৰ চিন্তা পখীক দিলা স্বপ্ন
 
আৰু ভাৱনাত কত ৰং সানিলা
 
এই মৰম কিমান ভাল..

এই মৰম কিমান ভাল..




কত ফাগুণ পলকে জাগিলে

কত পাপীয়াই পিউ পিউ মাতিলে..

কত ফাগুণ পলকে জাগিলে

কত পাপীয়াই পিউ পিউ মাতিলে..

বনহংস হৈ মন উৰিলে

কোন মানস সৰোবৰ পাৰলে

কোন মানস সৰোবৰ পাৰলে

মণি মুকুতাৰ সম্ভেদ আনিলা..

এই মৰম কিমান ভাল..

এই মৰম কিমান ভাল..



কত যুগৰ সঞ্চিত বেদনাই

কত যুগৰ সঞ্চিত বেদনাৰ

আজি দেখোঁ বিদাই মাগিলে

আজি দেখোঁ বিদাই মাগিলে

মোৰ অশ্ৰুসিক্ত দুটি নয়নত

আজি হাঁহি বিজুলিটি খেলিলে

মোৰ অশ্ৰুসিক্ত দুটি নয়নত

আজি হাঁহি বিজুলিটি খেলিলে

জীৱন পথৰ পঙ্কিলতাত !

কিনো আশাৰ পদুমপাহি ফুলালা !

কিনো আশাৰ পদুমপাহি ফুলালা..

কিনো আশাৰ পদুমপাহি ফুলালা..

এই মৰম কিমান ভাল..

এই মৰম কিমান ভাল..

মোৰ দৃষ্টিত তুমি ধৰা পৰিলে

আৰু দৃষ্টিৰে মনলৈ আহিলা

এই মৰম কিমান ভাল..

এই মৰম কিমান ভাল.. ৷৷



মহম্মদ ৰফিৰ কণ্ঠেৰে নিগৰিত গীত
Post a Comment