অনুসন্ধান আকাংক্ষাত

Wednesday, August 13, 2014

অ' আমাৰ গাঁও

(গাঁৱলীয়া সেৱকৰ গীত)

অ' আমাৰ গাঁও 

আমাৰ গাঁৱৰ মান ৰাখি

     মৰিবলৈ যাওঁ ৷


অ' আমাৰ গাঁও ৷

সেউজীয়া পথাৰৰে

ভৰপূৰ তামোলৰে

দূৰৈতে জিলিকি থকা

অ' আমাৰ গাঁও ৷৷


দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল'ৰা

ডেকেৰীও নহয় পাছ পৰা

অ' আমাৰ গাঁও  ৷


ৰাইজ মৰিলে মৰিম আমি

ৰাইজ তৰিলে তৰিম

দেশৰ হকে সৰ্ব্বত্যাগী

আগবাঢ়ি যাওঁ

অ' আমাৰ গাঁও ৷৷




[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীতটি ‘লভিতা’ নাটকত দিছে]
[ইউনিক’ড ৰূপান্তৰ:  দিগন্ত শইকীয়া]




No comments: