অনুসন্ধান আকাংক্ষাত

Wednesday, November 20, 2013

শ্ৰদ্ধাঞ্জলি (জয়ন্ত হাজৰিকালৈ)




[শ্ৰদ্ধাঞ্জলি, স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ সুৰাৰোপিত বোলছবি আৰু কিছু বাণীবদ্ধ কৰা গীত পৰিবেশিত হৈছে নতুনকেআশাকৰোঁ অসমৰ শ্ৰোতা ৰাইজে আদৰি লব ।... ঠিক ৰাণাৰ মৃত্যুৰ পিছতে মোৰ আছিল এয়া চেনেহাঞ্জলি.... ]



মোৰ মৰমৰ জয়ন্ত !

ৰাণা ভাইটী !

তোৰ জয়ৰ অন্ত নাই..

তোৰ শৈশৱ সুৰময়..!

তোৰ কৈশোৰ সুৰ সৃষ্টিৰ শোৰ

তোৰ যৌৱন চন্দ্ৰ-সুৰ   প্ৰকাশৰ সুৰ্ব-সমলয়

গাঁও, দেশ বিদেশৰ শ্ৰোতা অগণন তোৰ ..



তোৰ কণ্ঠ সজীৱ সেউজীয়া

মিঠা মাদকতা ভৰা তোৰ কণ্ঠ !

সহস্ৰ শ্ৰোতা মগন !     

তোৰ অনন্য সুৰ সৃষ্টি শেৱালি কোমল

      তোৰ অনন্য সুৰ সৃষ্টি শেৱালি কোমল


তোৰ সুৰ বাহিনীৰ সাহস প্ৰৱল !
 

      জীৱনৰ ভৰ যৌৱনত

জীৱনৰ ভৰ যৌৱনত !

      কৰিলি অভিমান

মৃত্যু সাৱতি অকালতে তই কৰিলি প্ৰয়াণ      

      পিছে কলৈ পলাবি ৰাণা ?

তোৰ সুৰ, তোৰ কণ্ঠ,

      অজস্ৰ শ্ৰোতাৰেই স্নেহত

            ব চিৰ জ্যোতিস্মান                   

                  চিৰ জ্যোতিস্মান ।।



[ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত কবিতা আবৃত্তি]
[ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া]


No comments: