সৌৱা---
শৰাইঘাট ;
প্ৰশস্ত
নিমাত ।
ৰামসিংহ বীৰ
বিজয়ৰ গৰৱেৰে উন্নত শিৰ,
পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ
লৈ
আহে
দম্ভালি
দম্ভালি
ভাৰতবিজয়ী
অভিযান ।
অলৰ-অচৰ মোৰ
বজ্ৰপাথৰ
অস্থিত আহি আহি
হানিছে আঘাত
প্ৰতিঘাত পাই
হতবীৰ্য্য
সিংহ সম
যায়
শতমুখে
অসমীয়া যুঁজাৰুৰ
গৌৰৱ
গায় ।
সৌৱা---
মোৰ নীলাচল সম
বুকুৰ পটাত
অস্ত্ৰাঘাত ব্যৰ্থ হ’ল,
সাম্ৰাজ্যৰ দম্ভ ধূলিসাৎ
বিজয়ীবাহিনী উৎখাৎ ।
সৌৱা---
শৰাইঘাট,
প্ৰশস্ত
নিমাত ।
নিমাত ? নিমাত ? নহয় নিমাত,
দেশ ৰাখ, দেশ
ৰাখ বুলি
উঠে শুন
অৰ্ব্বুদ মাত ।
প্ৰতিধ্বনি
উঠে তাৰ
অসমীয়া নবীনৰ
তপত
হিয়াত,
সিৰাই
সিৰাই
অগ্নিপাত
।
আসুৰীয়
বিজ্ঞানৰ
ঘৰ্ষন-গৰ্জ্জন
ভেদি
আহে
শুন
সৌ
শৰাইঘাটৰ
বজ্ৰভাষী
সিংহনাদ,
শতাব্দী সুপ্তিৰ ছিঙ্ ভাঙ্
লোহাৰ
শৃঙ্খল
এদিনলে’ হ’ উশৃঙ্খল
লুইততে
জহি
যাওক
জড়-অৱসাদ,
সিংহৰ পোৱালি তই
নবীন অসমীয়া
সুঘোষিত কৰ
তোৰ
অধিকাৰবাদ,
বিপ্লৱী
তূৰ্য্য-নিনাদ ।
সৌৱা---
শৰাইঘাট,
প্ৰশান্ত
নিমাত
লক্ষ লক্ষ অসমীয়া
নবীনৰ
বক্ষ ঝৰি
ঝৰি
ৰঙা তেজ
কলিজাৰ
নিজৰি
নিজৰি
অসমীৰ
চৰণ ধুৱাই
শৰাইঘাটৰ সৌ
বালি-মাটিয়ে
আছে
মিল খাই ।
নবীনৰ তেজ-পানী পাই
গজালি সঁজালি
আহে
ন-যুঁজাৰুৱে
হাঁহে
জীৱন-যুঁজৰ
বাৰ্ত্তা পাই
শকতিৰ
শঙ্খ বজায় ।
বুৰঞ্জী বিদাৰি তই
মোক চা, নিজকে
চা
বান্ধি
লৈ সাহ,
যন্ত্ৰযুগৰ নৱ
মন্ত্ৰ ফুকাৰি
তই
শঙ্কা
পেলাই দি
আগবাঢ়ি
আহ ।
নতুন দিনৰ অসমীয়া
যুগে যুগে হবি তই
শৰাইঘটীয়া,
তোৰ দেশ ৰাখিবলে’
গঢ়ি গঢ়ি লবি তই
নতুন হিলৈ
চিৰজয়ী হবি তই
মাভৈ
মাভৈ ।
মোমাই দুখণ্ড কৰা
তৰোৱাল
এতিয়াও লই
তহঁতৰ
কাষে কাষে
ঘূৰি
ফুৰি
বিৰাজিছোঁ
শকতিৰ
সূৰ্য্য সম মই
নাই
ভয়, হ’ব তোৰ জয় ।
কোন তই ?
কোন তই
দাসত্ব পিন্ধি
স্বৰ্ণময়
মোহমণিবন্ধ
অৱসাদক্লিষ্ট
নিৰাশাৰে বুকু ধুনি
কুতৰ্কমুগ্ধ,
দেখিও নেদেখি একো
হই
আছ অন্ধ ?
দৈন্য-বিপদ পৰান্মুখ
কৰ্ম্মবিমুখ
কোন তই কাপুৰুষ
মূৰ্খ দুৰ্ম্মুখ ?
শৰাইঘটীয়া
সৈন্যদল !
নাই তেন্তে কি তোৰ
আপোনাৰ বিশ্বাস
অটল ?
সাৰ কৰি
মাথোঁ
ভোগ-সুখ
কৰ্ত্তব্যৰ
নহলি সন্মুখ,
মোমাইতামুলী গড়ে
প্ৰত্যক্ষ
কৰিলে যি
জননী
ৰক্ষাৰ বাবে ভৈৰৱ শক্তি,
জনা নাই তই জানো
আকৌ
তাৰেই হ’ব পুনৰাবৃত্তি ?
তেজপিয়া
তৰোৱালে
ৰাম তৰোৱালে
একেই তেজকে পিব
ঝলসি
শক্তি দিব
যুগে
কাল-কালে ।
সন্মুখ থিয় দিব
আহি হাঁহি
ভালে
ভালে ।
কোনে ক’লে নাই ?
কোনে
ক’লে নাই
গদাপাণি
নাই ?
সৌৱা
তোৰ গদাপাণি
ঘোষিছে
বজ্ৰবাণী
ভৈয়ামে
ভৈয়ামে ফুৰি অনাই বনাই---
কৰ্ত্তব্যৰ যজ্ঞ জ্বালি
ত্যাগৰ
মহাযোগী
ল’ৰা-তিৰোতা সঁপি
শক্তিমন্ত্ৰ
জপি,
আছে বাট চাই
পৰ্ব্বতৰ গুহাত সোমাই,
দেশৰ কল্যাণৰূপী
আশা-কল্পনাই
মনৰ
ডালিমী হৈ
নিৰাশাৰ
বন ভেদি
ভৈয়ামলে’ বৈ অহা
মন-জুৰিটিৰ
পাৰে
পাৰে
নাচি
নাচি
সঞ্জীৱনী
গায়ত্ৰী
শুনায়
।
ৰুদ্ধ বীৰ্য্য গদাপাণি হ’ব উদ্বুদ্ধ
অত্যাচাৰী লালুকৰ
সপোন
চূৰ্ণ কৰি
উজ্বলিব
অসমত
ৰুদ্ৰসিংহৰূপে
নিৰ্ম্মল
শুদ্ধ
পূৰ্ব্বভাৰত
জ্ঞানবৃদ্ধ ।
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ
কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
========================
No comments:
Post a Comment