মহাভাৰতত
উপনিষদৰ দিনত
মানুহৰ আধ্যাত্মাৰ প্ৰথম প্ৰভাতত
নৱ এক অভিনৱ আলোক – সম্পাতত
জন্ম মোৰ ;
সেই জ্যোতিৰেখা নিৰখি নিৰৱধি
গায়ত্ৰী
মন্ত্ৰ গান গাই
ঐতিহ্যৰ
আন্ধাৰে আন্ধাৰে
মহা এক
সৌন্দৰ্য্যৰ ৰিণিকি ৰিণিকি দেখি
বিশ্বজোৰা
ছবি ৷
পাৰ হৈ আহি
আছোঁ
উত্থান-পতন ভেদি---
আদি-বৰ্ত্তমানৰ
পৰা দূৰ-বৰ্ত্তমানলৈ
মহাযাত্ৰা
কৰি---
অমৃতৰ
সন্তান মই
আজি মোৰ
পূৰ্ণ যৌৱন ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment