Assamese Song: Suahi
Suahi Hiley Kotha Koi
Album: Manashi
Singer: Namita
Bhattachariya
Director
:- Bolai Sen
Music Director: Ramen Baruah
Year: 1981
চোৱাহি চোৱাহি শিলে কথা কয়..
জুৰিয়ে জগালে হিয়া শিলাময়
চোৱাহি চোৱাহি শিলে কথা কয়..
জুৰিয়ে জগালে হিয়া শিলাময়
মৰমৰ ঢলে যিকথা ক’লে
মৰমৰ ঢলে ! যিকথা ক’লে
তাৰে সুৰ
বাজে শুনা..
স্নেহৰ আধাতে তাণ পৰে জয়
স্নেহৰ আধাতে তাণ পৰে জয় ৷
জিৰ জিৰ নিজৰা !
কেনি আছিলি ?
বুকুতে ইমান কি বেঁঠা সাঁচিলি ?
জিৰ জিৰ নিজৰা !
কেনি আছিলি ?
বুকুতে ইমান কি বেঁঠা সাঁচিলি ?
এই বেদনাৰ কোবাল সোঁতে !
এই বেদনাৰ কোবাল সোঁতে !
শিলে শিলে কথা পাতে
সি যে মোৰো !
বুকু জুৰি বয়
সি যে মোৰো !
বুকু জুৰি বয়
জিলমিল আবেলি !
বেলি চোৱা
নয়নে সপোন তাৰ
নাই উপমা
জিলমিল আবেলি !
বেলি চোৱা
নয়নে সপোন তাৰ
নাই উপমা
কি হেৰুৱাওঁ..!
কি জানো পাওঁ
কি হেৰুৱাওঁ !
কি জানো পাওঁ
কোনে ক’ব
পাৰে আজি ?
উন্মনা মোৰ মন কিয় হয় ?
উন্মনা মোৰ মন কিয় হয় ?
চোৱাহি চোৱাহি শিলে কথা কয়
জুৰিয়ে জগালে হিয়া শিলাময়
জুৰিয়ে জগালে হিয়া শিলাময় ৷৷
বোলছবি/এলবাম: মানসী
গায়ক/গায়িকা: নমিতা
ভট্টাচাৰ্য্য
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment