Assamese Song: Tup
Tup Tupali
Album: Lalita
Singer: Dwipen
Baruah
Director: Brajen
Baruah
Music Director: Ramen
Baruah
Year: 1972
টু-টু-টু-টু-টু
টুপ টুপ টুপলি
পানী পালে মুকলি
সময় গ’ল উকলি..!
শুই থকা শিয়াল.. !
ধৰিব নোৱাৰ হাঁহ,
টুপ টুপ টুপলি
পানী পালে মুকলি
সময় গ’ল উকলি..!
শুই থকা শিয়াল.. !
ধৰিব নোৱাৰ হাঁহ
টু-টু-টু-টু হাঁহ !
টু-টু-টু-টু হাঁহ !
আহ !
আৰে আম আম, আম পকা আম !
ফৰ্মুঠি মাৰিলেই, আম সৰি পৰে..!
টিঙত জানো ফৰ্মুঠি !
আমত লাগি ধৰে ?
আমে বোলে নসৰোঁ..!
ফৰ্মুঠি নপৰোঁ
ক’ৰ পাৱ
চাচোন লম্বা এডাল বাঁহ
সমান্য আম এটা, ইমানটো সাহ !
ক’ৰ পাৱ
চাচোন লম্বা এডাল বাঁহ
সমান্য আম এটা, ইমানটো সাহ !
টু-টু-টু-টু-টু
টুপ টুপ টুপলি
পানী পালে মুকলি
সময় গ’ল উকলি..!
শুই থকা শিয়াল.. !
ধৰিব নোৱাৰ হাঁহ
গৰ্ব নামৰ পৰ্বতত
উঠি আছিল জোন !
সেই গৰ্ব খৰ্ব কৰি
জোনত উঠিল কোন ?
আৰে আল্লা আল্লা, চুভান আল্লা !
আমটো পাৰিব নোৱাৰে
জোনটো লৈ মেলে হেঁপাহ
বিলাতত উপজি! সজাই বিহুৰ হেঁপাহ
ফুল ফুল চুৰ কৰি !
পাহ মেলি ধৰ ৰূপহী !
আজি ফুল,
কাইলৈ ফুল
ফুল বাৰ মাহ
মিলিজুলি উমলিম
বাহ বাহ বাহ !
আজি ফুল,
কাইলৈ ফুল
ফুল বাৰ মাহ
মিলিজুলি উমলিম
বাহ বাহ বাহ !
আৰে বাহ ! বাহ ! বাহ !
টুপ টুপ টুপলি
পানী পালে মুকলি
সময় গ’ল উকলি..!
শুই থকা শিয়াল.. !
ধৰিব নোৱাৰ হাঁহ ৷৷
বোলছবি/এলবাম: ললিতা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : ব্ৰজেন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment