সহস্ৰজনে মোক প্ৰশ্ন কৰে
Assamese Song: Hahashro
Joney Muk Proshno Korey
Album: Lotighoti
Singer: Dr.
Bhupen Hazarika
Director: Dr.
Bhupen Hazarika
Music Director: Dr.
Bhupen Hazarika
Year: 1966
সহস্রজনে মোক প্রশ্ন কৰে..!
মোৰ প্রেয়সীৰ নাম
মালবিকা
নে
লিপিকা নে..
মল্লিকা .. ?
অর্থপূর্ণভাৱে
ঈষৎ হাঁহিৰে কওঁ
নহয় মালৱিকা
লিপিকা বা
হৈমন্তী বা
মল্লিকা ..
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা
নে
লিপিকা নে..
মল্লিকা .. ?
অর্থপূর্ণভাৱে
ঈষৎ হাঁহিৰে কওঁ
নহয় মালৱিকা
লিপিকা বা
হৈমন্তী বা
মল্লিকা ..
সহস্রজনে মোক প্রশ্ন কৰে..!
সহস্রজনে মোক প্রশ্ন কৰে..!
সহস্রজনে মোক প্রশ্ন কৰে
আমাৰ চেনেহ,
আমাৰ মৰম !
কিয়
ফল্গু হ’ল ?
বহির্জগতৰ অদেখা !
সমিধানত কওঁ
বুকুতেই সাঁচে কিয়,
পৃথিৱীয়ে গর্ভতো
অব্যক্ত কত
বহ্নিশিখা
সহস্রজনে মোক প্রশ্ন কৰে
(মোৰ) প্রেয়সীৰ নাম
মালবিকা
নে
লিপিকা নে..
মল্লিকা .. ?
বেদৰ
মন্ত্রেৰে
দম্পতী..!
যদিও নহ’লোঁ
আমি কাহানিও..
একেটি পাত্রতে জীৱন-মদিৰা
পান কৰোঁ আমি
তথাপি ..
সহস্রজনে মোক প্রশ্ন কৰে.. !
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ মৌন পৰত,
অনুপ্রেৰণাৰে
জ্যোতি যাচে জানোঁ…!
নাম তাইৰ
জানো মধুচন্দ্রিকা
সমিধানত কওঁ
বুকুৰ ৰক্তেৰে,
গুপুতে
জীয়াই ৰখা !
নামবিহীনা তাই অনামিকা
সহস্রজনে মোক প্রশ্ন কৰে
মোৰ প্রেয়সীৰ নাম
মালবিকা নে
লিপিকা নে
মল্লিকা ?
অর্থপূর্ণভাৱে ঈষৎ হাঁহিৰে কওঁ
নামবিহীনা তাই
নামবিহীনা তাই
নামবিহীনা তাই অনামিকা.... ৷৷
বোলছবি/এলবাম: লটিঘটি
গায়ক/গায়িকা: ড৹
ভূপেন হাজৰিকা
পৰিচালক: ড৹ ভূপেন
হাজৰিকা
সংগীত পৰিচালক: ড৹
ভূপেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া, জলি বৰা)
++++++++++++++++++++++++
No comments:
Post a Comment