Assamese Song: Pubey
Bhagabontoi (Bihu)
Album: Bohagor
Duporiya
Singer: Mahananda
Majindar Baruah et al.
Music Director: Bhupen Ujir
Year: 1985
পুৰুষ:- অ’ হায় হায়....
পূবে ভগৱন্তই বৃন্দাবনতে
ষোল্লশ গোপিনী ঐ পাই
আন পুৰুষ:- আজৌ আজৌ !
পুৰুষ:- ষোল্লশ গোপিনীক নচুৱাই বগুৱাই ঐ
আমালৈ বিহু থৈ যায়...
ৰাতি বাৰ বজাত কুলি কেতেকীয়ে
জাননি দিলেহি আইতা !
ব’হাগী পালেহি !
কুলি ডাঙৰ মাই
থাকিব নোৱাৰোঁ
ঘৰত ডাঙৰ মাই
টোপনি নধৰে
ৰাতি ডাঙৰ মাই
শোৱা ঢাৰি পাটি !
শোৱা ঢাৰি পাটি এৰোঁ
পকি নেমুটেঙা সৰিছে নাই অ’...!
পুৰুষসকল:- পকি নেমুটেঙা সৰি
নাৰীসকল:- এ বহীয়া কপৌফুল পেলাও দলি মাৰি ঐ..!
এ নাহৰ ফুলৰ জেউতি চৰি
পুৰুষসকল:- পকি নেমুটেঙা সৰি
নাৰীসকল:- এ বহীয়া কপৌফুল পেলাও দলি মাৰি ঐ..!
এ নাহৰ ফুলৰ জেউতি চৰি
পুৰুষ:- অ’ সোণ তৰাদৈ
তেনেকৈ নেচাবা মৰমলগাকৈ
অ’ সোণ তৰাদৈ
তেনেকৈ নেচাবা মৰমলগাকৈ
চালে তোমাৰ চকুলৈ !
মৰম লাগে তোমালৈ !
চালে তোমাৰ চকুলৈ
মৰম লাগে তোমালৈ
অ’ সোণ তৰাদৈ !
দেউতাৰাই নিদিয়ে মোৰে নিচিনা দুখীয়া ল’ৰালৈ
নাৰীসকল :- অ’ কোন চেনাই ঐ
তেনেকৈ নাচাবা ৰ মৰমলগাকৈ
অ’ কোন চেনাই ঐ
তেনেকৈ নাচাবা ৰ মৰমলগাকৈ
চালে তোমাৰ চকুলৈ !
মৰম লাগে তোমালৈ !
চালে তোমাৰ চকুলৈ
মৰম লাগে তোমালৈ
অ’ কোন
চেনাই ঐ
মোৰ লগত যাবানে আমাৰে ঘৰলৈ
অ’ কোন চেনাই ঐ
মোৰ লগত যাবানে আমাৰে ঘৰলৈ
পুৰুষসকল:- অ’ পাহাৰ বগাই বগাই কপৌ আনিলোঁ
তোকেনো পিন্ধামে, বুলি ঐ ৰঙিলী
কালি দূপৰীয়া কেলৈ কান্দিছিলি
বৰ ঘৰৰ পিৰালিত
বহি-হেৰ’ ডিমৰু
কলৈ যাওঁ কি কৰোঁ
ক’তে সোমাই মৰোঁ
বুকুতে একুৰা
বুকুতে একুৰা জুই !
নাৰীসকল :- অ’ কিয় আহিছিলা ভৰ দূপৰীয়া
লগাব নোৱাৰিলোঁ, মাতে চেনাইধন
তোমাৰে আমাৰে যোৰা ভাঙিম বুলি
শতৰু লাগিছে
ৰাতি মই কি কৰোঁ ?
কলৈ যাওঁ কি কৰোঁ
ক’তে সোমাই মৰোঁ
বুকুতে একুৰা
বুকুতে একুৰা জুই !
পুৰুষ:- এ দেহি... নাদৰে... পানীয়ে....
সকলোৱে :- অ’.. হাঐ.... হালি.... জাপি....
পুৰুষ:- এ দেহি গাত.. জুই.. ন..কৰে
সকলোৱে :- অ’.. হাঐ... হালি... জাপি. ..
দুয়ো :- এ দেহি নৈতেনো নপৰে
মানেনো হালি জাপি ঐ
ভাঙোনো কলি
কাটি ঐ
ভাঙোনো কলি
কাটি ঐ
নিয়ৰতে !
নিয়ৰতে
তিয়াই যাওঁ ভৰি !
নাৰী :- এ দেহি, নেলাগে....নেলাগে....
সকলোৱে :- অ’.. হাঐ... হালি... জাপি ...
নাৰী :- এ দেহি, পিৰিতি... নপকে...
সকলোৱে :- অ’.. হাঐ... হালি... জাপি ...
নাৰী :- এ দেহি
সকলোৱে :- ওচৰেনো নাচাপে
মানে নো হালি জাপি ঐ !
ভাঙো নো কলি
কাটি ঐ !
ভাঙো নো কলি
কাটি ঐ !
নিয়ৰতে !
নিয়ৰতে
তিয়াই যাওঁ ভৰি নো হালি জাপি ঐ !
ভাঙো নো কলি
কাটি ঐ !
ভাঙো নো কলি
কাটি ঐ !
নিয়ৰতে !
নিয়ৰতে
তিয়াই যাওঁ ভৰি !!
বোলছবি/এলবাম: ব’হাগৰ
দূপৰীয়া
গায়ক/গায়িকা: মহানন্দ মজিন্দাৰ বৰুৱা আৰু লগৰীয়াসকল
সংগীত পৰিচালক: ভূপেন উজিৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment