Assamese Song: Aamare
Moina
Album: Bowari
Singer: Mahananda Majinder Barua
Music Director: Upen Kakati
Year: 1979
নাই !
নাই এজাৰ ফুলা নাই
নাই !
নাই বিহু অহা নাই ,
নাই !
নাই এজাৰ ফুলা নাই
নাই !
নাই বিহু অহা নাই ;
নাই শিহু ক’তো
নাই
নাই শিহু ক’তো
নাই
শ্ৰী লুইতৰে গাত !
নাই !
নাই গাভৰুৰ দেহতে
নাই !
নাই নাচোনৰ চেৱতে
নাই যৌৱনটি দেওতে
নাই যৌৱনটি দেওতে
ৰাতি বিহুৰ মিঠাকৈ মাত !
মই ধুলীয়া উজনিৰ
তই নাচনী নামনিৰ
তই নাচনী নামনিৰ,
চাউল হৈনা কুমলি
বেজাৰ নলগাবি
বেজাৰ নলগাবি
মৰমৰে নোমলি
গোঁসাই নাই এতিয়া
গোঁসাই নাই এতিয়া গাত !
দেহাজান ! দেহাজান !
তই নচা দেখিলে !
দেহাজান ! দেহাজান !
ৰবকে নোৱাৰোঁ
নাচিছে বিৰিণাৰ
নাচিছে বিৰিণাৰ পাত
দেহাজান ! দেহাজান !
মুকলি পখীটি !
দেহাজান ! দেহাজান !
সঁজালে আহিবি
ৰাতি বিহু পাতিবি
পিৰিতি লগাবি
পিৰিতি লগাবি গাত...
নাই !
নাই এজাৰ ফুলা নাই
নাই !
নাই বিহু অহা নাই ,
নাই শিহু ক’তো
নাই
নাই শিহু ক’তো
নাই
শ্ৰী লুইতৰে গাত !
বোলছবি/এলবাম: বোৱাৰী
গায়ক/গায়িকা: মহানন্দ মজিন্দাৰ বৰুৱা
সংগীত পৰিচালক: উপেন কাকতী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment