অনুসন্ধান আকাংক্ষাত

Sunday, April 28, 2013

আৰু কত দুখ দিয়া প্ৰভু





Assamese Song:                 Aru Koto Dukh Diya Probhu
Album:                                   Nayanmani
Singer:                                   Suman Kalyanpur
Music Director:                     Jeetu Tapan
Lyrics:                                      Nirmalprabha Bordoloi
Year:                                      1981



আৰু ..

কত দুখ দিয়া প্ৰভু !

কত দুখ আৰু দিয়া  !

কততো নজনা বাটে

যতনাৰ বাটে নিয়া..

এবাৰ কৰুণা কৰা !

হে হৰি ! মোৰ ...

এবাৰ.. কৰুণা কৰা

হে হৰি মোৰ ..

চৰণে শৰণে দিয়া ..

প্ৰভু মো..ক

চৰণে শৰণে দিয়া !

আৰু ..

কত দুখ দিয়া প্ৰভু !

কত দুখ আৰু দিয়া  !



তপত খোলাত ভাজিছাঁ গোসাঁই !

জুয়ে যেন দহে পোৰে !



তপত খোলাত ভাজিছাঁ গোসাঁই !

জুয়ে যেন দহে পোৰে !

চুলিৰ শপত  কিমান বগাওঁ

চকুলো দুধাৰে সৰে ,

দুখৰ সাগৰ প্ৰভু !

পাৰ কৰা মোক..!

দুখৰ ! সাগৰ.. প্ৰভু

পাৰ কৰা মোক..

অবিচাৰ আতৰোৱা

প্ৰভু মোৰ

অবিচাৰ আতৰোৱা

আৰু ..

কত দুখ দিয়া প্ৰভু !

কত দুখ আৰু দিয়া  



তুমি দয়াময় বুলি শুনি আছোঁ

অত শোক কিয় পা..ওঁ ?



তুমি দয়াময় বুলি শুনি আছোঁ

অত শোক কিয় পা..ওঁ ?

তুমি পোহৰ আন্ধাৰত কিয়

ভাবত পৰি আমি খাওঁ

কাকুতি মিনতি প্ৰভু !

মেঘ আগময় !

কাকুতি !  মিনতি প্ৰভু

মেঘ আগময়

জীৱৰ উধাৰি নিয়া

প্ৰভু মোৰ

জীৱৰ উ..ধাৰি ! নিয়া

আৰু ..

কত দুখ দিয়া প্ৰভু !

কত দুখ আৰু দিয়া ,

কততো নজনা বাটে

যতনাৰ বাটে নিয়া..

এবাৰ কৰুণা কৰা !

হে হৰি মোৰ ...

এবাৰ.. কৰুণা কৰা

হে হৰি মোৰ ..

চৰণে শৰণে দিয়া ..

প্ৰভু মোক..

চৰণে শৰণে দিয়া !

আৰু ..

কত দুখ দিয়া প্ৰভু !

কত দুখ আৰু দিয়া  ৷৷





বোলছবি/এলবাম:                    নয়নমণি
গায়ক/গায়িকা:                        সুমন কল্যানপুৰ
সংগীত পৰিচালক:                  জিতু-তপন
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: