অনুসন্ধান আকাংক্ষাত

Tuesday, April 2, 2013

নাটক – ৰূপালীম্‌ - সপ্তম অঙ্ক



নাটক ৰূপালীম্‌
[জ্যোতিপ্ৰসাদ আগৰৱালা]


সপ্তম অঙ্ক
ৰূকমী ৰাজ্যৰ পৰ্ব্বতৰ তলৰ মুকলি সমতল
সময়:- পুৱা

            [সোঁমাজতে ৰূপালীমক পুৰিবলৈ এখন প্ৰকাণ্ড কাঠৰ চিতা সজোৱা হৈছে ৷ চিতাৰ ওপৰত ৰূপালীমক এটা খুটাত পাছলৈ হাত কৰি গোটেই গাতে জৰীৰে মেৰিয়াই খুটাৰে সৈতে বন্ধা হৈছে ৷ চাৰিওফালে ৰূকমী সৈন্যই যাঠী-জোঙেৰে চিতাখন ঘেৰি থৈছে আৰু চিতাৰ দুই কাষত আগ ভাগ লৈ পাঁচোটা পাঁচোটাকৈ দহোটা কাঁড়ী ৷সিহঁতে হাতত ধনু আৰু কাঁড় লৈ আদেশৰ অপেক্ষাত আছে ৷ চিতাৰ চাৰিওফালে ৰূকমী তিৰোতা উত্ৰাৱল ৷ আটাইবিলাকে উত্তেজিত হৈ কথা কোৱা-মেলা কৰিব লাগিছে ৷ চিতাৰ এফালে বুঢ়া জুনাফা অধোৰবদনে বহি আছে ৷ সৈন্য আৰু কাঁড়ীবোৰৰ মুখ গহীন, আৰু কৰ্ত্তব্যকঠোৰ ৷এনেতে চাৰিওফালে ভেৰি, পেঁপা, কালী, জয়ঢোল বাজিবলৈ ধৰে ৷ মানুহৰ কোঢ়াল আৰু বাদ্যযন্ত্ৰৰ শব্দত কোলাহল হৈ পৰে ৷ জয় ৰূকমী ৰাণীৰ জয় !   জয় ৰূকমী ৰাণীৰ জয়  বুলি চাৰিওফালৰপৰা সমস্বৰে নিনাদিত হয় ৷ সৈন্য-সামন্ত লিগিৰীৰে বেৰ খাই ইতিভেন ৰাণিৰ সাজসজ্জাৰে তালৈ শিল-কঠুৱা হৈ সোমায় আহে ৷ সকলোৱে আঠু লয় ৷ ইতিভেন তালৈ আহি এদঁতীয়া হৈ এফালে থিয় দি সকলোলৈকে চাবলৈ ধৰে ৷ তাৰ পিছত...]
ইতিভেন :- ৰূকমী-ৰাজ্যৰ প্ৰজাসকল ! আপোনাসকলে জানে মোৰ সহোদৰ ককাইকো ৰাজ্য ত্যাগ কৰাবলৈ কুণ্ঠিত হোৱা নাই ৷ মোৰ প্ৰণয়ৰ থলি, মোৰ পাণি গ্ৰহণ কৰিবলৈ অতি ইচ্ছুক মোৰ প্ৰণয়প্ৰাৰ্থীকো মই উপেক্ষা কৰিলোঁ ৷ কিহৰ কাৰণে ? একমাত্ৰ মোৰ দেশৰ গৌৰৱ অটুট ৰাখিবলৈ ৷ আনকি এদিন নিজৰ প্ৰাণকো দেশৰ কাৰণে তুচ্ছ জ্ঞান কৰি মণিমুগ্ধৰ বিৰুদ্ধে অভিযান কৰিলোঁ ৷ এই অত ক্ষতি... অত ত্যাগ... অত ৰূকমী জাতিৰ দুখ-কষ্ট... ৰূকমী জাতিৰ ঘৰবাৰী সকলো ধ্বংস কৰিও যি গৌৰৱ ৰাখিবলৈ সকলো জলাঞ্জলি দিলোঁহক... সেই সকলো ভ্ৰষ্ট কৰিলে কোনে ? ৰূকমী তিৰোতাৰ গাত খিলঞ্জীয়া কলঙ্ক সানিলে কোনে ? এই মহা পাপীয়সী অসতীয়ে নহয়নে ? নহয়নে ?
            [চাৰিওফালে হয় হয় সঁচা সঁচা ৰূপালীম্‌ অসতী সকলো ভ্ৰষ্ট কৰিলে ৷ ৰূপালীম্‌ অসতী ৷ ]
ইতিভেন :- ৰূকমী তিৰোতাৰ সতীত্ব এটা ডকাইতৰ চৰণত উপহাৰ দি তাই আকৌ ঘূৰি আহি দেশৰ সতীৰ আসনত বহিব খোজে ৷ তাই আকৌ কব খোজে তাইৰ সতীত্বত বোলে চেকা পৰা নাই ৷ মণিমুগ্ধই হৰণ কৰি তাইক পঠিয়াই দিছে ৷ হাঁহি উঠা কথা ! অসতী... এশবাৰ অসতী... সহস্ৰবাৰ অসতী ! [জুনাফালৈ চাই ] কোৱা বুঢ়া মানুহ ! সঁচা কথা কোৱা, তোমাৰ এই কন্যা অসতী হয় নে নহয় ? তোমাৰ ৰূকমী জাতিৰ গৌৰৱৰ কথা... মনত ৰাখিবা ৷ ৰূকমী নাৰীৰ সতীত্বৰ কথা কোৱা বুঢ়া মানুহ ! কোৱা ? অসতী হয় নে নহয় ? অসতীৰ কি শাস্তি ?
জুনাফা :- [কঁপি কঁপি থিয় হল ৷ তাৰ পিছত সকলোলৈকে চাই ঘৃণাৰে মুখ কোচাই আনি মুখ ঘূৰাই ] নাচাওঁ... নাচাওঁ... মোৰ কন্যাৰ প্ৰেত-মূৰ্ত্তিটো আৰু নাচাওঁ ৷ অসতী... অসতী... ৰূকমী নাৰীৰ খিলঞ্জীয়া কলঙ্ক ৷ হায় হায় ! মোৰ এই বুকু যাৰ কাৰণে এদিন কলি-কুমলীয়া আছিল... যাৰ মৰম মই বুকুত আথেবেথে সাঁচি থৈছিলোঁ, আজি সেই বুকুখন পাথৰ হল... শিলা হল ৷ তাত জীয়ৰীৰ মৰমৰ কটাৰীখন ভেদি সোমাব নোৱাৰে ৷ পাথৰ... পাথৰ হল.... মোৰ বুকু আজি পাথৰ হ[বুকু ভুকুৱাই কান্দি ] ৰাণী ! ৰূকমী জাতিৰ গৌৰৱৰ মুকুট পিন্ধা, শাস্তি...
            [জুনাফা মূৰ্চ্ছা যায় ৷ ইতিভেনৰ ইঙ্গিত পাই কাঁড়ী কেইটাই ৰূপালীমলৈ কাঁড় মাৰে ৷ কেইডালমান ৰূপালীমৰ গাত বিন্ধ খায় ৷মায়াব ধৰফৰাই বাগৰি পৰে আৰু চাৰিফালে ভীষণ গোলমাল আৰম্ভ হয় ৷ৰূপালীমো লাহে লাহে ঢলি পৰি যায় ৷ কেইজনমান সৈন্যই মায়াবক ধৰি তাৰপৰা আঁতৰাই নিবলৈ প্ৰয়াস পায় যদিও মায়াবৰ ছটফটনিত আৰু ধৰফৰণিত বেগতে চম্ভালি ৰাখিব নোৱাৰে ৷ ইতিভেনে ইঙ্গিত কৰে আৰু ওচৰত থকা যখ প্ৰহৰীবোৰে চিতাত জুই জ্বলাই দিয়ে ৷ ধোঁৱাৰে মঞ্চটো ঢাক খাই যায় আৰু চাৰিওফালৰপৰা পেঁপা, জয়ঢোল বাজিবলৈ ধৰে ৷ তাৰ বোলত মতলীয়া হৈ মানুহবিলাকে জয় ৰূকমী ৰাণীৰ জয়বুলি চিঞৰিবলৈ ধৰে ৷ কোঢ়াল আৰু ধোঁৱা বাঢ়িবলৈ ধৰে ৷ লাহে লাহে আঁৰ-কাপোৰ পৰি যায় ৷ ]

আঁৰ-কাপোৰ

সমাপ্ত →

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: