নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
সমাপতি
[কাৰেঙ
৷ ৰাতি মুকলি খোঁটালি এটাত এখন বৰপিৰাত বহি সুন্দৰ উদাস হৈ এটা বৰ গাৰুত আঁউজি মৌন
হৈ আছিল । পঞ্চমীৰ জোনৰ পোহৰে ঠাইডোখৰ পোহৰ আন্ধাৰুৱা কৰি থৈছিল । গোটেই দৃশ্যটোত
এটা বেজেৰুৱা ৰহণ সনা আছিল । ওচৰতে সুদৰ্শন আৰু অনঙ্গৰাম মাটিত দলিছাত বহি আছিল ।
আটাইকেইজন যেন কিবা গভীৰ ধ্যান নিমগ্ন । সুদৰ্শনৰ হাতত এখন টোকাৰী । বিমনা হৈ
সুদৰ্শনে টোকাৰীত আঙুলি বুলাই আছিল । তাৰ পাছত সুদৰ্শনে লাহে লাহে গীত গাবলৈ ধৰে ।
সুন্দৰ আৰু অনঙ্গই তন্ময় হৈ গীত শুনি আপোন পাহৰা হৈ যায় । ]
গীত
অ’ সোঁৱৰণি !
সমিধান
দিয়া,
শাঁত কৰি
প্ৰাণৰ অগনি ।
নিৰ্বাক অতীতৰ,
গোপন
কুঞ্জ এৰি,
আহা
মৌসনা সোঁৱৰণি ।
উৰুৱাই মনৰ
মাজলৈ
সুৱৰ্ণৰে
পাখি ।
পাহৰণি-পদুমৰ
মন্ত্ৰদূত,
পাহি
মেলি মেলি !
আঁৰ-কাপোৰ
♜♟♟♟♟♞♝♚♛♝♞♟♟♟♟♜
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment