অনুসন্ধান আকাংক্ষাত

Tuesday, February 12, 2013

নাটক - শোণিত কুঁৱৰী (১৬)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

চতুৰ্থ অঙ্ক
পঞ্চম  দৰ্শন

          [দ্বাৰকাৰ প্ৰাসাদৰ এক অংশত শ্ৰীকৃষ্ণ এখন আসনত বহি আছিল, আৰু এফালে সাত্যকি, আনফালে সনাতন থিয় দি আছিল ৷ ]
শ্ৰীকৃষ্ণ :- তাৰ পিছত ?
সনাতন :- তাৰ পিছত সেই চিত্ৰ-বেচোতা গন্ধৰ্ব্ব লৰাটো এদিন আকৌ প্ৰাসাদলৈ আহিছিল ৷ সেই দিনা অনিৰুদ্ধই তাক মাতি নি তাৰ ছবি চাইছিল ৷
শ্ৰীকৃষ্ণ :- ওঁ ! আৰু সেইদিনাই অনিৰুদ্ধ নিৰুদ্দেশ ?
সনাতন :- হয় ৷
শ্ৰীকৃষ্ণ :- সেই বালকৰ হাতত কোনো সুন্দৰীৰ পট আছিলনে ?
সনাতন :- সেই বিষয়ে আমি চোৱা নাছিলোঁ ৷
শ্ৰীকৃষ্ণ :- এই কেইদিনৰ ভিতৰত তুমি অনিৰুদ্ধৰ মনত কিবা পৰিবৰ্ত্তন লক্ষ্য কৰিছিলানে ?
সনাতন :- হয় ; সামান্য পৰিবৰ্ত্তন লক্ষ্য কৰিছিলোঁ ৷
শ্ৰীকৃষ্ণ :- [অলপ হাঁহে ] সাত্যকি ! তুমি এই বিষয়ে কি ভাবিছা ?
সাত্যকি :- এৰা, মই দেখোন একো তত্‌কে ধৰিব পৰা নাই ৷ কুমাৰনো কলৈ যাব পাৰে ৷
            [এনেতে বলোৰাম সোমাই আহে ; লগত প্ৰদ্যুম্নও আহে ৷ তেওঁলোকৰ সৈতে চাৰিটা দূত ৷]
বলোৰাম :- কুমাৰৰ একো সন্ধানেই পোৱা নগল ৷তুমি কিবা পালানে ? কিবা অনুমান কৰিব পাৰিছানে ?
শ্ৰীকৃষ্ণ :- ওহোঁ ৷ তেন্তে এই চাৰিটা দূতকে পঠাবলৈ স্থিৰ কৰিছা নেকি ?
বলোৰাম :- এৰা ৷ মই ইহঁতক সকলো বুজাই দিওঁ ৷ তাৰ বাহিৰে আন উপায় মই আৰু দেখা নাই !
শ্ৰীকৃষ্ণ :- নিশ্চয় ৷ দূত পঠাই বাতৰি নললে আৰু কি উপায় আছে ?
বলোৰাম :- [প্ৰথম দূতক ] তুমি ইয়াৰপৰা ওলাই উত্তৰাভিমুখে গৈ পঞ্চনদৰ সকলো দেশতে বিচাৰি গৈ কাশ্মীৰ প্ৰদেশৰ প্ৰতূএক গাঁৱে-ভূঞে, পৰ্ব্বতে-কন্দৰে কুমাৰৰ সন্ধান কৰাগৈ যোৱা !
            [প্ৰথম দূতে সেৱা কৰি যায়গৈ ৷]
[দ্বিতীয়ক ] তুমি দক্ষিণাভিমুখে গৈ দাক্ষিণাত্যৰ পৰা কন্যাকুমাৰিকাইদি সেতুবন্ধ পাৰ হৈ লঙ্কা দ্বীপত কুমাৰৰ অনুসন্ধান কৰি, হিমালয়ৰ কাষৰ পাৰ্ব্বত্য প্ৰদেশত সন্ধান কৰি গঙ্গা-যমুনাৰ পাৰৰ গোটেই দেশ অনুসন্ধান কৰিবা ৷[তৃতীয়ক ] তুমি কামৰূপত প্ৰবেশ কৰিবা ৷পূৰ্ব্বাঞ্চলৰ সকলো গিৰি প্ৰদেশত সন্ধান কৰিবা ৷পূৰ্ব্ব দেশৰ মায়াবিনীৰ কথা তোমাৰ সদায় মনত ৰাখিবা ৷[চতুৰ্থক ] তুমি সিন্ধু প্ৰদেশত অনুসন্ধান কৰি পশ্চিমত গান্ধাৰকে আদি কৰি সকলো দেশতে কুমাৰৰ অনুসন্ধান কৰাগৈ ৷
            [দূতবোৰে সেৱা কৰি যায়গৈ ৷]
শ্ৰীকৃষ্ণ :- এৰা, ইহ্ঁতে অনিসন্ধান কৰি আহকগৈ আৰু আমি নিজেও অনুসন্ধান কৰিব লাগিব নিশ্চয় ৷
প্ৰদ্যুম্ন :- পিতা ! অন্ত:পুৰত সকলোৱে কুমাৰৰ শোকত উত্ৰাৱল হৈছে ৷ আপুনি নগলে আৰু সন্তনা দিওঁতা কেও নাই !
শ্ৰীকৃষ্ণ :- উত্ৰাৱল হোৱাৰ কোনো প্ৰয়োজন নাই ৷ বাৰু বলা ৷
            [শ্ৰীকৃষ্ণ যায় আৰু পাছে পাছে প্ৰদ্যুম্ন যায় ৷]
বলোৰাম :- সনাতন ! মোৰ সেই বালকৰ ওপৰত সম্পূৰ্ণ সন্দেহ হৈছে ৷ নিশ্চয় সি কোনোবা মায়াৱিনী, কোনোবা অসুৰৰ ইচ্ছাৰে তাক এইদৰে লৈ গৈছেহি ৷
সনাতন :- মোৰো এই বিষয়ে সন্দেহ হৈছে ৷
সাত্যকি :- একো অসম্ভৱ নহয় ৷ প্ৰদ্যুম্নক সূতিকা-গৃহৰপৰা শম্বৰে নিয়া আজি কিমান দিনৰ কথা !
বলোৰাম :- এৰা, বৰ আচৰিত ৷ বলাহঁক এবাৰ অন্ত:পুৰলৈ যাওঁ ৷ সকলো উত্ৰাৱল হৈছে ৷
            [সকলো যায়গৈ ৷]




                                                        (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: