নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
পঞ্চম অঙ্ক
তৃতীয় দৰ্শন
[যাদৱ
শিবিৰ ৷ প্ৰদ্যুম্ন, সাত্যকি আৰু কেইজনমান সেনা ৷ প্ৰদ্যুম্ন আৰু সাত্যকি দুয়ো কথা
পাতি আছিল ৷]
সাত্যকি :- এৰা, সঁচা
কৈছা ৷ বৰ সুন্দৰ ৷ ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্য্যতেই আমি ভোল গৈছোঁ ৷ অনিৰুদ্ধই ইয়াৰ
নাৰীৰ সৌন্দৰ্য্যত ভোল নাযাবই বা কিয় ?
[বলোৰাম আহে ৷]
বলোৰাম :- কি ? সাত্যকি ? আমাৰ আৰু
এনেকৈ কিমান দিন বহি থাকিবা ৷ আমি এতিয়া আক্ৰমণ কৰাই উচিত ৷ তোমালোক দেখোন যুদ্ধ কৰিবলৈ
আহি সকলো পাহৰি মায়ামুগ্ধৰ দৰে বহি আছা ৷
[শ্ৰীকৃষ্ণ সোমাই আহে ৷]
মাধৱ :- পিছে এতিয়া কি কৰিব লাগিব ?
শ্ৰীকৃষ্ণ :- যুদ্ধ কৰাৰ
আগেয়ে মই এবাৰ সন্ধিৰ প্ৰস্তাৱ কৰি চাব খোজোঁ ৷
বলোৰাম :- কি ? আকৌ কি হ’ল
? তোমাৰ কি যে ইচ্ছা মই একোকে বুজিব নোৱাৰোঁ ৷
শ্ৰীকৃষ্ণ :- অৱশ্যে
এইটো ভাল ইচ্ছাই ৷ স্বয়ং মহাকাল আহি বাণৰ পক্ষ লৈছে ৷ প্ৰথমে আমি সন্ধিৰ কাৰণে
চেষ্টা কৰাই মঙ্গল ৷ শঙ্কৰক প্ৰসন্ন কৰি কুমাৰক অনাই শ্ৰেয় ৷
বলোৰাম :- তেন্তে এতিয়া আমি শঙ্কৰলৈ
ভয় কৰিব লাগিব নেকি ? আমি ইমান বীৰ্য্যহীন হলোনে ? নহয়, এতিয়া তোমাৰ কোনো কথা আমি
শুনিবলৈ প্ৰস্তুত নহওঁ ৷ এতিয়া মাথোন যুদ্ধৰ বাহিৰে আমি আন একো ক’ব
নোৱাৰো ৷
শ্ৰীকৃষ্ণ :- যদি আমি
এনে বিবেচনাহীন হওঁ তেন্তে দানৱৰ সৈতে আমাৰ পাৰ্থক্য কোনখিনিত ? আমাৰ দম্ভ আস্ফালন
অহঙ্কাৰৰ কাৰণে তেন্তে আমি আমাৰ শাস্তি নিজেই বিধান কৰা উচিত ? আমাৰ তেন্তে
গৰ্ব্বী দানৱ বুলি সিহঁতৰ গৰ্ব্ব চূৰ্ণ কৰিবলৈ অহাৰ সাৰ্থকতা কোনখিনিত ?
বলোৰাম :- [বহুত পৰ মনে মনে থাকি ]
তোমাৰ যি ইচ্ছা ৷
শ্ৰীকৃষ্ণ :-
প্ৰদ্যূম্ন আৰু সাত্যকি ! যোৱা ৷ শঙ্কৰৰ সৈতে সাক্ষাৎ কৰি কুমাৰক আমাৰ হাতত সমৰ্পন
কৰিবলৈ কৰা ৷ যদি সন্মত নহয় তেতিয়া মই নিজেই যুদ্ধ কৰি কুমাৰক উদ্ধাৰ কৰিবলৈ সাজু
৷ যোৱা ৷
[শ্ৰীকৃষ্ণ
যায়গৈ ৷]
বলোৰাম :- যোৱা বাৰু, কিন্তু বৃথা
চেষ্টা ৷
[বলোৰাম
এফালে আৰু আনবোৰ এফালে যায়গৈ ৷]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment