অনুসন্ধান আকাংক্ষাত

Tuesday, February 12, 2013

নাটক - শোণিত কুঁৱৰী (১৪)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

চতুৰ্থ অঙ্ক
তৃতীয়  দৰ্শন


            [ৰাজআলি ৷ দুপৰীয়া ৷ ভালকৈ সাজি-পাৰি কুঁজী বেগাবেগিকৈ আহে ৷]
কুঁজী :- উস্‌ কটা ! ভাল সাৰি আহিলোঁ ! কোনোমতে আহিছোঁ ৷ মোক আকৌ কবলৈ হাক দিয়ে ! হে হে ! মই টেঙৰীয়ে হবলা হাৰডাল পায়েই নোকোৱাকৈ থাকিম ? সেই কথা হব নোৱাৰে ৷ [অলপ ৰৈ ] আজি কটা, মোৰ দিনটোৱেই কিবা ভাল হবলা ৷পুৱাই মুকুতাৰ মালাধাৰ পালোঁ, মাকে ৷ এইবাৰ ৰজাক কৈ পটেশ্বৰী হমেই হম ৷ যদি হওঁ পোনেই চিত্ৰলেখীৰ মূৰ খুৰাই বাজ কৰি দিম ৷ মই তাইক এশিকা শিকাম মাকে, বুঢ়ীমাকক চিনাহে নাই ৷ সদায় পেংলাইকৈ থকাৰ হোৰ তুলিম ৷ [গালৈ চাই ] ভালকৈয়েতো সাজিপাৰি আহিছোঁৱেই, ডিঙিত মুকুতাৰ মালাধাৰ আছেই ৷ চুলিকোচাও ভালকৈ মেলাই আহিছোঁৱেই ৷মাকে, আজি ৰজাৰ মন খুৱাইহে এৰিম ৷ এতিয়া তামোল এখনকে খাই মুখখন ৰঙা কৰি যাওঁ মাকে ৷ [তামোল খাই ] ই ... সঁচাকৈয়ে মোৰ দেখোন কপালখন মুকলি হল একা ৷ সৌটো নাপিত আহিছে ৷ তাৰপৰা দাপোনখন লৈ মুখখন ভালকৈ চাই লওঁ ৷ [নাপিতক ] হেৰৌ কটাৰ পো বন্দী নাপিত ! এইফালে আহ ৷ চাওঁ চাওঁ, তোৰ দাপোনখন দেচোন ৷
            [নাপিত আহে ]
নাপিত :- ই বোলো, আমাৰ কুঁজী বাই দেখোন ! সাজি-পাৰিনো কলৈ ওলাইছা ? কৰবাত মিতিৰ খাবলৈ যোৱা নেকি ? বোলো তামোল খাই দেখোন মুখখন ফেচুলুকাৰ... [মুখত হোপা দি হাঁহে ৷]
কুঁজী :- হেৰৌ কটা খেকাৰ-খোৱা নাপিত ! বৰ সাহ দেখোন, একা ! এঁ কুঁজী বুলিছ ? বাপেৰৰ ঘৰৰ বেটী পাইছনে, কটা গোলাম ! মাৰৰ ভমক্‌ পোৱা নাই হবলা ? দেখিবি মাৰে, কুঁজী কুঁজী নকৰিবি দেই ৷ ৰজাৰ পটেশ্বৰী বুলিজনা নাই হবলা !
নাপিত :- ঔ আই ! খেমা কৰিবা দেওহে ৷ জানিলেনো আকৌ কওঁনে ? পিছে পটেশ্বৰীনো হলা কেতিয়া ? ৰজাৰ বেটীহে ৷ ....
কুঁজী :- কটা বাপেৰৰ বেটী ! ধেমালি পাইছ হবলা ? মাৰে চৌধপুৰুষৰ সৈতে শালত দিয়াম বুলি জনা নাই হবলা ৷ দে কটা, দে দাপোনখন সোনকালে ৷
নাপিত :- এ, মই নাজানোঁ নহয় ৷ [দাপোন দিয়ে ] পিছে আমালৈ আকৌ নাপাহৰিবা ৷ চুকে=কোণে কৰবাত গোজা মাৰি থবা দেই !
কুঁজী :- [দাপোনত মুখ চাই] বাৰু বোপাই! তোক কিবা এটা কৰিম বাৰু ৷ পিছে হমহে, অ বুজা নাই ? বাৰু চাচোন চা, মই দেখিবলৈ কেনে হৈছোঁ ৷ ডেকেৰীজনী যেন হোৱা নাইনে ?
নাপিত :- নকবা নকবা, মই বৰ ভাল দেখিছোঁ ! সঁচাকৈয়ে ষোল বছৰীয়া দীপলিপ্‌ কইনাজনীহে যেন ৷ মোৰ হলে একেবাৰে মন খাই গৈছে ....
কুঁজী :- এঁ কটা কুকুৰৰ পুতেক ! তোৰ ইমানটো কলিজানে ? কটা শৃকালি হৈ সিংহৰ আসৈ পাৱ ? নে কটা তোৰ দাপোন ৷
            [দাপোনখন দলি মাৰি দিয়ে ৷]
নাপিত :- [দাপোনখন বুটলি লৈ ] যা যা ফেদেলী বুঢ়ী ! ৰজাই তোক পটেশ্বৰী পাতিব ! ভয় নকৰিবি দে, মই তোক হৰি নিবলৈ অহা নাই ৷ যা যা মৰতী বুঢ়ী ! ৰজাই ভালকৈ তেল-খাৰণিয়ে গা ধুৱাই লব, যা ৷
            [গুচি যায়গৈ ]
কুঁজী :- ইস্‌ ইস্‌ ! কটাই গম পোআ নাই হবলা দেই ৷ বাৰু মাৰে গম পাবি ৷ পিছত ভৰিৰ তলুৱা চেলেকিবলৈ তত্‌ হেৰাব মাৰে ৷
            [এনেতে গণক বাপুৰ আগমন হয় ৷]
কুঁজী :- ই আমাৰ গাধৈ বাপু দেখোন ! পিছে কোন ফালে ? মই আপোনাৰ তালৈ যাওঁহে বুলিছিলোঁ ৷
গণক বাপু :- অহে কুঁজী বুঢ়ীং ! কিঙ কাৰণাং ?
কুঁজী :- দেউ ! বোলো মোৰ দিনটোকে গণি-পঢ়ি দিয়কচোন ৷ ৰজাৰ ওচৰলৈ যাব লাগিব ৷
গণক বাপু :- ৰাজ সমীপং ? কিং কাৰণাং, অৰ্থাৎ ৰজাৰ ওচৰলৈ কিয় ?
কুঁজী :- এ দেউ, আপুনি নেজানেই হবলা আমাৰ উষাই কি কৰিলে ?
গণক বাপু :- উষাং ? ৰাজকন্যাং ? কিং কৰিলে ?
কুঁজী :- ৰা এটা আনি অগ্নিগড় সুমুৱাইছেহি ৷
গণক বাপু :- অহ হ হ ৷ ইতি সত্য, ইতি সত্য ৷ আজি মই যোগবলত তাক জানো ৷ যুৱাপুৰুষ নহয় জানো ?
কুঁজী:- হয়, হয় ৷
গণক বাপু :- কটিত মেখলা যি ধাৰণ কৰে ?
কুঁজী :- হয়, হয় ৷
গণক বাপু :- মাজে মাজেং যে খোজ কাঢ়ি ফুৰে আৰু মাজে মাজেং যে বহায়মান কৰে ?
কুঁজী :- হয়, দেউ ! হয়, ঠিক ধৰিছে ৷ দেউ ! আপুনি যোগৰ বলত সকলো জানে নহয়নে ?
গণক বাপু :- যথাৰ্থং, যথাৰ্থং ৷ মোৰ দৰে যোগী এই জগতত নাই: ৷
কুঁজী :-হয় , দেউ ! আপুনি সৰবজান ৷ সেইহে আকৌ আপোনাৰ ওচৰলৈ যাবলৈ ধৰিছিলোঁ ৷ পিছে দেউ ! মোৰ দিনটোনো কেনে গণি-পঢ়ি দিয়োকচোন ৷
গণক বাপু :- উত্তমং উত্তমং ৷ [মাটিত বহে আৰু আঁক পাৰে ৷] অহ হ হ, উত্তম দিন ৷ আজিং তোমাৰ কিবা এটা হবই হব: ৷ কিন্তু ৰাহুৰ দোষ আছে ৷ ব্ৰাহ্মণক এটি মুদ্ৰাং দদ্যাৎ ৷ এটি মোহৰ দান কৰিলে খণ্ডনং হব ৷ আৰু বাটত যাওঁতে ৰাহুৰ নামে এখন তামোল উছগৃতং কৰিব লাগিব ৷
কুঁজী :- কোনো কথা নাই, দেউ !
[মোহৰ এটা উলিয়াই দিয়ে, আৰু গণকে তাক মেৰতলিত থয় ৷]
গণক বাপু :- বাৰু, বাৰু ৷ এতিয়া গমো গোবিনং ৷ গোবিন: [যায়গৈ ]
কুঁজী :- এ:, তামোল এখনকে খাই লওঁ ৷ [তামোল খাই চোবাই ] ই তামোলখনে দেখোন গাটো তুলি দিছে ৷ মাকে, বৰ ৰং লাগিছে আজি ৷ ৰজাৰ পটেশ্বৰী হমেই হম ৷ গাটো দেখোন থৌকি-বাথৌকি লাগিছে একা ! মাকে পটেশলঝৰীতো হমেই ৷ গীত এফাকিকে গাই, মাকে, পাক এটাকে দিওঁ মাকে ৷
            [গীত গাই গাই পাক দিবলৈ ধৰে ৷]

গীত :-

মই হেনো বুঢ়ী !
[পাৰো] উজুটিতে ওফৰাব ডেকা তিনি কুৰি ৷
      এইজনী কোন ? পূৰ্ণিমাহৰ জোন ;
       মোৰ ৰূপৰ জমক্‌ চা, চমক্‌ খাই যা
      বৰকৈ নাচাবি বোপাই যাবি উটি-বুৰি ৷
                 কঁকাল যদিও হেকেৰা,
                গাল দুখন পকা থেকেৰা,
কত ডেকাই মোক নিবলৈ ফুৰিছিল ঘূৰি
                             [দিছিল কুৰি কুৰি]
কেইটা ৰজাৰ বৰপুতেকে
          তলুৱা চেলেকি গল বাপেকে ৷
তেওঁ জানো মই তাহাঁতলৈ
চাওঁ কেৰাহিকৈ ঘূৰি ৷
           
            [পাক দি দি যায়গৈ ]
           


                                                        (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: