ৰূপহী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
পৃথিৱীৰ
সকলো আপচুতাই যদি ক’লা বৰণ সানি যায়হি তথাপি সেই সৌন্দৰ্য্যৰ ছাঁয়া
কল্পনাৰপৰা মচ খাই নাযায় ৷ সেই সৰু টিলাটি, তাৰ তলত সেউজীয়া কোমল বননিখনি, ওখ ওখ
গছকেজুপি, বিশাল সেই ফট্ফটীয়া জোলৰ লুইতখনি, তাৰ পাৰে পাৰে যুগান্তৰৰ ডাঙৰ ডাঙৰ
নীলা গছ কেশাৰী আৰু দূৰদূৰণিৰ নীলা পৰ্ব্বতৰ আঁৰত মুখ লুকোৱা সেই কম্পিত
দিন-দেৱতাৰ ৰঙা ঘূৰণীয়া মুখখনি, ৰঙা নীলা সোণোৱালী পাটলি পিন্ধা ডাৱৰ কেডুখৰি কোনে
পাহৰিব ? সেই ফুলৰ সুগন্ধ, চৰাইৰ গীত, লুইতৰ হো-হো শব্দ আৰু মৃদু-মৃদুকৈ বলি অহা
শীতল সমীৰণ আৰু সেই কোমল সুৱলা বনগীত গোৱা সোণ-বৰণীয়া ছোৱালীজনী কাৰ মনত নপৰিব ?
এতিয়াও গৈ আহোঁগৈচোন ৷ তাই অকলে কোমল বননিত বহি সন্ধিয়াৰ সমীৰণত গা উটাই দি বনগীত
গাইছে-
বননিৰ চৰাই তই
কিনো
গীত গাৱ ঐ !
মন
মোৰ বলিয়া কৰ,
কিনো
ৰং চাৱ তই
কিনো
গীত গাৱ ঐ
উৰি
গছৰ ডালে ডালে পৰ ৷
বনগীত কেফাকি সমীৰণত মিলি গ’ল
৷ সমীৰণে তাক উটুৱাই ক’লৈ লৈ গ’ল
? লুইতৰ বিশাল অধৰ ভেদ কৰি প্ৰত্যেকটি শব্দ বসুমতীক বিচাৰিবলৈ গুচি গ’ল....
থাকিল মাথোন তাৰ গৰাকী ৷ সেই সুমধুৰ সুৰৰ বাঁহীটি ৷থাকিল মাথোন বননিত বহি
সোণবৰণীয়া তিলফুল নাকেৰে সেই কৰুণা সনা চকুযুৰিৰে, সেই আউল-বাউল চুলি কেধাৰিৰে,
সেই লনি দীঘল দীঘল আঙুলি কেইটিৰে, সেই ধুনীয়া ভৰি দুটিৰে ওচৰতে পিতলৰ কলহটিৰে নীল
আকাশলৈ উদাৰ দৃষ্টিৰে চাই থকা ছোৱালীজনী ৷
বিৰিণা হাবিৰ সিপাৰৰ
পথাৰখনিৰপৰা ভাহি আহিল এটি বাঁহীৰ সুৰ ৷ সি তীব্ৰ গতিৰে আহি ছোৱালীজনীক চক্ খোৱাই
তুলিলে ৷ আকৌ নীৰৱ হৈ গ’ল ৷ বাঁহীৰ লগে লগে মাৰ যোৱা
বেলিৰো শেষ ৰেখাটি লাহে লাহে লুইতৰ বুকুত ৰং চৰাই ম্লান হৈ গ’ল
৷ ছোৱালীটিয়ে পানী ভৰাই ললে ৷ অলপ খোজ দিলে.... এটি সুৰ তাইৰ কণ্ঠৰপৰা বাজি উঠি
যেন পোহৰক বিদায় দি আন্ধাৰক আগবঢ়াই আনিলে ৷ আন্ধাৰ হৈ আহিল ৷ লাহে লাহে ছোৱালীজনী
বিৰিণাৰ আঁৰ হৈ এন্ধাৰত অদৃশ্য হৈ গ’ল ৷
জহত ঠাৱৰিব নোৱাৰি বুঢ়াই
হাততে হোকাচিলিমযোৰ লৈ চোতালত বহিলহি ৷ ফট্ফটীয়া জোনাক ৷ পৃথিৱীৰ গাৰপৰা সূৰ্য্যৰ
প্ৰখৰ উত্তাপ তেতিয়াও একেবাৰে যোৱা নাই ৷ লাহে লাহে গছৰ পাতবোৰ লৰাই লৰাই বতাহ
এচাটি দুচাটি আহি আছিল ৷ গছৰ মাজে মাজে জোনৰ পোহৰ বিৰিঙি বিৰিঙি ওলাই এটা মনোৰম
সৌন্দৰ্য্যত নিজম ঠাইডোখৰ বুৰাই থৈছিল ৷
বুঢ়াই বহি বহি এবাৰ হোকাত
হোপা মাৰিছিল, আকৌ এবাৰ আলিবাটলৈ মানুহ চাইছিল ৷ অলপ পৰ বুঢ়া ৰ’ল
৷
“আই ৰূপহী অ’
!....”
“কি কোৱা
পিতাই ?”
“এইফালে
আহচোন ৷”
হাতত এখন কটাৰী আৰু ইটো হাতত
টিহু এটা হৈ ( লৈ ?) ভিতৰৰপৰা আহিল ছোৱালীজনী ৷
“আই ! আঙঠা
দুটামান ভৰাই আনচোন ৷”
ছোৱালীজনীয়ে চিলিমটো লৈ ভিতৰ
সোমাল ৷
পদূলিত জপনাৰ বাঁহডাল
কোনোবাই খৰখৰাই আঁতৰাই নিলে ৷ “কোন অ’
কোন ?”
“মই হে”
কোমলকৈ মাতি কুৰিবছৰীয়া ক’লীয়া সোমাই
আহিল ৷
“আহ বোপাই !
আহ, বহ ৷”
ক’লীয়াই
বাৰত ওলমাই থোৱা ঢাৰি এখন আনি বুঢ়াৰ আগতে বহিল ৷ ৰূপহীয়ে চিলিমটো বুঢ়াৰ হাতত দি গ’লহি
৷ ক’লীয়াই ঘনাই ঘনাই চালে... বৰ ধুনীয়া .... বেছ্ !
ৰান্ধনী ঘৰৰপৰা মাতিলে .... “অ
বোপাই কলাই নে ?”
“হয় আই ৷”
“ৰবি বোপাই
! তামোল এখন খাই যা ৷”
হাতত তামোলৰ বঁটাটো লৈ
ৰূপহীৰ মাক আহি কলাই আগতে লৈ খচ্খচ্ কৰে তামোল কাটিবলৈ ধৰিলে ৷বুঢ়াই কুহুৰ
কুহুৰকৈ কাহি, গহিনাই কলাইক এটি দুটিকৈ কথা সুধিবলৈ ধৰিলে ৷ কলায়েও তাৰ যথাযথ
উত্তৰ দি যাবলৈ ধৰিলে ৷ বুঢ়ীয়েও মাজে মাজে ‘এৰাতো’ ‘হয়তো’
বুলি (কৈ) যাবলৈ ধৰিলে ৷এনেতে
বলিয়া সুৰেৰে দূৰৰ কদম গছজোপাৰ ওপৰৰপৰা কোনোবাই চিঞৰি ৰাগ টানিলে ....
কদম তলতে বহি
কলিয়াই
বাঁহৰে বাঁহী বজাই,
দূৰতে ৰাধিকাই
কাষতে কলহ লৈ
উভতি বেকাকৈ চায় ৷৷
বুঢ়াই কবলগীয়া কথা গহীনাই কৈ
গ’ল ৷ ডেকাই শুনি গ’ল
৷ বুঢ়ীয়ে হয় দি গ’ল ৷ মাথোন কি হ’ল
? হাতৰপৰা কটাৰী সৰি পৰিল ৷ বুকুখন কঁপি উঠিল ৷ টিহু এহাত দূৰৈত বাগৰি ৰ’লগৈ
৷ ৰূপহীয়ে পাছদুৱাৰেদি বাহিৰত থিয় দিলেগৈ ৷ বলিয়া সুৰ আকৌ আকাশ-পৱন ভেদ কৰি উঠি
আহিল ৷
নকৈ ফুলি অহা
তগৰৰ পাহিটিত
কিনো পোক পৰিলে উৰি ?
কিয় জোনবাই
হাঁহ মিচিকাই
হিয়া মোৰ তাপতে পুৰি ?
গীত লাহে লাহে উটি গ’ল
৷ লাহে লাহে এটি বাঁহীৰ সুৰ উটি আহি গছ-বননি সজাগ কৰি তুলি আকৌ নিজম হৈ গ’ল
৷ উৎসুক কঁপা হিয়া খনিৰে ৰূপহী ভিতৰ সোমাই আহিল ৷ তেতিয়া বুঢ়াই গলহেকাৰি মাৰি ভিতৰলৈ
আহিব ধৰিছে ৷ ক’লীয়া যোৱা বাতৰি জপনাৰ বাঁহৰ
খৰখৰণিয়ে ৰূপহীক জনাই দিছে ৷ জোন ডাঙৰ আঁহতৰ আঁৰ হৈছে ৷ চোতালত অলপ এন্ধাৰ পৰিছে ৷
ৰান্ধনী ঘৰৰ আঞ্জাই লুভীয়া বুঢ়াৰ মন অলপ চঞচল কৰি তুলিছে ৷
“হাজৰিকা !
তেন্তে অহা বহাগৰ সোতৰ তাৰিখ মঙ্গলবাৰেই হওক ৷ আমাৰ পুৰোহিত বাপুৱে চাই বৰ ভাল দিন
বুলিছে ৷”
বুঢ়া হাজৰিকাই ধপাতত দীঘলকৈ
হোপা মাৰি নাকে-মুখে ধোঁৱা উলিয়াই “অঁ অঁ হ’ব
হ-ব ৷ ভালেই দিন ৷ মোৰ সন্মতি সম্পূৰ্ণ আছে ৷”
হাতীবৰুৱাৰ মুখখনত হাঁহি
বিৰিঙিল ৷ সকলো সমজুৱাই ক’লে, “হয়-
বৰ ভাল কথা – ভাল –
এৰা, বহাগতে হওক ৷”
হাতীবৰুৱাই হোকাৰপৰা ধোঁৱা
উলিয়াই ক’লে, “এৰা,
ক’লীয়ায়ো খেৰসুঁতিত পাম এখন লৈ তালৈকে যাবলৈ ঠিক কৰিছে
৷ বহাগত বিয়াখন কৰি জেঠত তালৈ গৈ খেতি-বাতিত মন দিবগৈ পাৰিব ৷ এইবাৰ পাঁচটামান
হালোৱাও পোৱা হৈছে ৷”
হলিৰাম বৰমেধিয়ে ক’লে,
“
এৰা, বৰ ভাল কথা ৷ ল’ৰা-ছোৱালীৰ বেছ যোৰ হৈছে ৷
আমাৰ হাজৰিকাৰ ছোৱালীজনীও সকলো কামত পৈণত, ৰূপতো দীপলীপ ৷”
বুঢ়া হাজৰিকাই মূৰ জোকাৰি ক’লে,
“হয়,
হয়, তাই বোৱা-কটা ৰন্ধা-বঢ়াত এই অঞ্চলৰ সকলো ছোৱালীকে চেৰ পেলাব ৷ ইয়াকে ক’লোঁ
মই ৷”
সকলোৱে “হয়,
হয়, নিশ্চয়, নিশ্চয়” বুলি শলাগিলে ৷
বিয়াৰ দিন থিৰ কৰি সমজুৱাৰ
সৈতে হাতীবৰুৱা উঠি গ’ল ৷ বুঢ়া হাজৰিকাই বহিবলৈ
দিয়া কঠযোৰ এহাতেৰে সমৰি আন হাতেৰে ধপাত হুপিবলৈ ধৰিলে ৷ এনেতে ঘৰৰ ঘৈনী ওলাই আহিল
৷
“পিছে কি হ’ল
?”
“পিছেনো কি
হ’ব আৰু ? বিয়াৰ দিন-বাৰ ঠিক কৰি গৈছে ৷ আমাৰ সকলো
যতাবলৈ দিহা কৰিব লাগে ৷”
“কাহানিনো...
?”
“বহাগৰ সোতৰ
দিন যোৱাত ৷ মঙ্গলবাৰ পৰিছে ৷”
বুঢ়ীয়ে চলিত মাহৰ দিনকেইটি
আঙুলিৰ মূৰত লেখি ক’লে,
“ আৰু একুৰি
পোন্ধৰ দিন ৷”
কথাকেষাৰিয়ে ভিতৰত কাৰোবাক
চমক খুৱাই তুলিলে হবলা ?
বাসন্তী পুৱা ৷ বেলি তেতিয়া
পূব গগনৰ আঁৰ ৷ লুইত ফট্ফটীয়া ৷ স্তব্ধ.. নীৰৱ ৷গছ-গছনিবোৰ শান্ত ৷ তলসৰা বকুলৰ
গোন্ধ তেতিয়া তীব্ৰ ৷ মলয়া তেতিয়া স্নিগ্ধ ৷ গোটেই জগত তেতিয়া এক কোমল সৌন্দৰ্য্যত
অভিভূত ৷ গাঁৱৰ মনুহ তেতিয়া একেবাৰে সজাগ নহয়.. মাত্ৰ এটি দুটি উঠিছে ৷
ৰূপহীয়ে ঠাই সাৰি, কলহটো
হাতত লৈ নৈৰ পাৰলৈ খোজ দিছে, কিন্তু এই নিজম পুৱতি নিশা কাৰ গীত –
কোনে গাইছে ?
পুৱতি নিশাৰে
বকুল ফুলেকিটি
কিয় তলে সৰি যাৱ ?
গাভৰুৰ ডিঙিতে
কিনো ৰং চৰাই তই
খোপাতে কিনো সুখ পাৱ ?
ৰূপহী থমকি ৰল ৷ তাৰ পিছতে
মনটোত এটি আনন্দৰ ঢৌ খেলি গ’ল ৷ হাতত কলহেৰে
সৈতে লাহে লাহে আগবাঢ়ি গ’ল ৷ দূৰৈৰ ওখ শিল এটাৰপৰা
লাহে লাহে ধুনীয়া ডেকা এটা ৰূপহীৰ ওচৰ চাপি আহিল ৷ তাৰ মুখত হাঁহি নাই ৷ মনত বেজাৰ
৷
*
ৰূপহীয়ে বকুল ফুল আৰু
দুটামান কোঁচত ভৰাই ক’লে,
“বেণু !
মইনো আৰু কি কম ? পিতাইক তইনো এবাৰ কৈ নেচাৱ কিয় ?”
“ৰূপ ! মই যে দুখীয়া ! মোৰ যে ঘৰ নাই .... টিঙৰ ঘৰ ৷
মোৰ যে মহৰ খুটি নাই ৷ পাঁচযোৰ বলদ নাই ৷ ডাঙৰ খাট-পাম নাই ৷ মই... ৷
ৰূপহীয়ে এটা হুমুনিয়াহ
কাঢ়িলে ৷
“ৰূপ ! মোক তোৰ মনৰপৰা মচি পেলা ৷ মোৰ এই সুন্দৰ
চেহেৰাতো তোৰ পিতাৰক ঘূৰাব নোৱাৰে ৷ তোৰ পিতাৰক লাগিব ৰূপ... বগা বগা ৰূপ ৷ কিন্তু
ৰূপ ! তোক এমুঠি খুৱাবলৈ মোক ঈশ্বৰে শকতি দিছে ৰূপ ! পিছে.... ?”
ৰূপহী নিৰৱ ৷
“বিয়াৰ দিন
কাহানিকৈ ?”
“বহাগৰ সোতৰ
দিন যোৱাত ৷”
“ভাল হৈছে, তই সুখত থাকিলেই মোৰ সুখ ৷ ৰূপ ! মই ভিকহু,
তোক সুখ ক’ত
দিব পাৰিম ?”
ৰূপহীয়ে মনটো ডাঠকৈ ক’লে, “মই কলাইত বিয়া নোসোমাওঁ ৷”
বেণুৱে এটি গৌৰৱ অনুভৱ কৰি
ৰঙা পৰিল ৷
“তই নোসোমাওঁ বুলিয়েই হবনে ? তোৰ....!”
ৰূপহীয়ে কলহটোত পানী ভৰাবলৈ
নামি গ’ল
৷
বেণুৱে সেই সুন্দৰ মুখখনিলৈ
চাবলৈ ধৰিলে ৷ ৰূপহীয়ে পানী লৈ উঠি আহিল ৷ কলহটো থলে ৷ আঁচলৰপৰা ফুলবোৰ পেলাই দি ক’লে, “বেণু ! মোক ভাল ফুল দুপাহমান পাৰি
দে ৷”
বেণুৱে উৎসাহেৰে গছৰ ডালত
ধৰি বগাই উঠি গ’ল
৷ ডাল জোকাৰ খালে ৷ ফুল সৰিবলৈ ধৰিলে ৷ ৰূপহীয়ে ফুল বুটলি বুটলি ভাগৰি গ’ল ৷ বেলিও ওলাই আহিল ৷
ৰূপহীয়ে আঁচলৰপৰা কিছু ফুল
লৈ বেণুক দিলে ৷ বেণুৱে আগ্ৰহেৰে সুঙি চালে ৷ আহা ... !
“বেণু ! মই যাওঁ দেই, বেলি হৈছে ৷ আই উঠিব পায় চাগৈ ৷”
বেণুৱে নেমাতিলে ৷ নীৰৱে
চাবলৈ ধৰিলে ৷ ৰূপহীয়ে বৰ কৰুণ নয়ণেৰে এবাৰ বেণুলৈ চাই খোজ দিলে ৷
কলহৰপৰা পানী উচলি পৰি
ৰূপহীৰ গা তিয়াই গ’ল ৷ বেণুৱে সৰগপৰা মানুহৰ
দৰে চাই থাকিল ৷ ৰূপহী লাহে লাহে গছৰ আঁৰ হৈ গ’ল
৷ বেণুৱে উভতি গীত ধৰিলে ...
কিনো বাণ
মাৰিলে
হিয়া মোৰ ভাঙিলে
তাপতে পুৰি-ডেই যাওঁ;
বহাগৰ বিহুটি
উকা হৈ যাবগৈ
কেনেকৈ চেনেহীক পাওঁ ?
নৈ মাজত ডকাই চিঞৰি উঠিল ৷
বেণুৱে চক খাই চালে ৷ নাও এখন পাক খাই লুইতৰ বুকুত মাৰ গৈছে ৷ ডকাই আকৌ ভীষণ
আৰ্ত্তনাদ কৰি চিঞৰি উঠিছে ৷
কু..উ ! কুলিটো উৰি গ’ল
৷ নতুন বছৰৰ ওলগ জনাই মিচিকাই হাঁহি বেলিটো ওলাই আহিল ৷ মলয়া বৈ আহিল ৷ গছ পাত
লতাই লৰি লৰি নতুন দিনটিক সাবটি ললে ৷ বসন্তই নিজৰ সেউজীয়া সোণোৱালী ৰং-চৰোৱা
তুলিটিৰে শেষ ৰেখা আঁকি চিত্ৰলেখাৰ বাবৰপৰা অৱসৰ লৈ ভাগৰ জুৰাবলৈ উৱলা গা-টিৰথ,
বাসন্তী পুৱাৰ নতুন ৰ’দ-কাচলিত এটি তুলিৰে শেষ আঁক
মাৰি পূব মলয়াত গা জুৰ কৰিবলৈ উৰি গ’ল ৷আনন্দ
দেৱতাই হাঁহিৰ এটি ৰাখে মৰতলৈ পঠিয়াই দিলে ৷ আজি ৰঙালী বিহু ৷ কুলিটোৱে আকৌ সিজোপা
গছৰপৰা মাতিলে ... কু..উ কু..উ !
গাভৰুৱে খোপাত কপৌ ফুল
পিন্ধি লাহবিলাহকৈ ওলাই গৈছে ৷ ডেকাই মূৰত ন-গামোচা মাৰি আনন্দত তিনি দেও দি ঢোলত
চাৰি চাপৰ মাৰিছে ৷ তাকে শুনি নাচনী গাভৰুৰ কঁকালটো সাতখন আঠখন কৰিছে ৷ বুঢ়ীয়ে ভিতৰত
পিঠাপনা ভাজিছে ৷ বুঢ়াই গোঁসাইঘৰত নাম লৈছেগৈ ৷ আদহীয়াই গোট খাই দুখৰ সুখৰ কথা
পাতিছে ৷
ৰূপহীয়ে মাকৰ আলপৈচান ধৰি
ছেগ বুজি নকৈ লগোৱা গামোচা এখন পেৰাৰপৰা উলিয়াই আনিলেগৈ ৷ তাই আলিকাষলৈ ওলাই গ’ল
৷
“বাইটি ! ক’লৈ
যাৱ ?”
“অ’
মনাই নে ? শুনচোন ৷”
“কি বাইটি ?”
ৰূপহীয়ে কাপোৰৰ তলৰপৰা
গামোচাখন উলিয়াই মনাই হাতত দি ক’লে, “এইখন
ককাইটিয়েৰক দিবিগৈ দেই ৷”
মনায়ে তিনি দেও দি লৰ ধৰিলে
৷ ৰূপহী চাই চাই নেদেখা হ’লত উভতি আহিল ৷
সৰু নৈখন হুৰহুৰকৈ বৈ গৈছে ৷
ওপৰেদি চৰকাৰী ক’লা আলকাতৰা সনা কাঠৰ দলংখনত
বেণুৱে হাতত বাঁহীটি লৈ কলীয়া গোঁসাইৰ ৰূপ ধৰিছে ৷ চাৰিওফালে সমনীয়াই দেও দি
নাচিছে ৷ মাজে মাজে কিৰীলি মাৰি মাৰি ল’ৰাখনে
গাইছে...
ৰঙালী বিহুটি
আহিল ৰঙে কৰি
কৰাই পিঠাগুৰি খাওঁ ;
ঘৰমুৱা হৈ
আবেলি পৰতে
চেনেহীক চুমা দি যাওঁ ৷
“ককাইটি
! ৰূপ বাইটিয়ে এইখন গামোচা দি পঠাইছে ৷
বেণুৱে থাপ মাৰি গামোচাখন
হাতৰপৰা লৈ মুখত লগাই অলপ নীৰৱ হ’ল ৷ মূৰত
মাৰি আকৌ হাতত বাঁহীটি লৈ ল’ৰাৰ লগত
পাক দিবলৈ গ’ল ৷
ন বছৰৰ ন দিনে ঘৰে ঘৰে ন ৰং
চৰাই যাবলৈ খোজ দিলে ৷ ঢোলৰ মাতো লাহে লাহে কমি আহিল ৷ গধূলি গৰুৰ ‘হাম্বা’
হাম্বা’ ৰৱে গাঁখনৰ নীৰৱতা ভাঙিলে ৷ গৰখীয়া
ল’ৰাৰ বাঁহীৰ মাত এবাৰ দুবাৰ বাজি
উঠিল ৷ দূৰৰ ম’হ-গুৱালৰ এটা দুটা চিঞৰে নৈৰ
পাৰৰ ম’হবোৰৰ কাণ থিয় কৰি তুলিলে ৷ গধূলি
হৈ আহিল ৷
ৰূপহীয়ে হাতত কলহটো লৈ পানী
আনিবলৈ খোজ দিলে ৷ৰূপহীৰ গাত আজি নতুন ৰিহা, নতুন মেখেলা, মূৰত কপৌ ফুল, কপালত
সেন্দুৰৰ ফোঁট, মুখত কেৱল নাই হাঁহি ৷ ৰূপহী এখুজি-দুখুজিকৈ নৈৰ ফালে গুচি গ’ল
৷ গাঁৱৰ ডেকাই ভেবা লাগি চাই ৰ’ল ৷ ক’লীয়াই
দেখি মনতে অলপ গৌৰৱ অনুভৱ কৰি গ’ল ৷ হেকাৰি
মাৰিলে ৷ লাহে লাহে ৰূপহী বিৰিণাৰ আঁৰ হৈ গ’ল
৷
*
ৰূপহী পানীত ৷ এবুকু পানীত ৷
কলহটো ওচৰতে ওপঙি আছে ৷ ওচৰৰ শিলটোতে বেণুৱে বৰশী পেলাইছে ৷
“বাৰু
ৰূপ ! ক’লীয়াই তোৰ লগত কথা পাতিছিলনে
?”
“নাই...”
“কলীয়ানো
কি বেয়া ?”
বাধা দি তাই ক’লে,
“বেণু
! মোক নকবি ৷ “তাৰ কথা মোক নকবি”
বুলি চকুপানী টুকিলে ৷ বেণুৰ মনটোত অলপ বেজাৰ লাগিল ৷
“বাৰু
ৰূপ ! তই যদি মোক ইমান ভাল পাৱ, মোৰ লগত যাবিনে ?”
“ক’লৈ
?”
“আন ঠাইলৈ দুয়ো গুচি যাম ৷ তোকনো মই যেনেতেনে খুৱাব নোৱাৰিমনে ?”
ৰূপহী অলপ নীৰৱ হৈ ৰ’ল
৷ বুঢ়া বাপেকৰ মুখ, এবাৰ মাকৰ মুখ তাইৰ মনত পৰিল ৷ হঠাৎ ক’লে,
“বেণু
! যাম ৷ তই য’তে মৰগৈ ময়ো তাতে মৰিম ৷ যাম
৷”
বেণুৱে কি ক’ব
একো থিৰ কৰিব নোৱাৰিলে ৷ একেথৰে ৰূপহীলৈ চাবলৈ ধৰিলে ৷
“বেণু
! কাহানিকৈ যাবি ? বিয়ালৈ আৰু সোতৰ দিন আছে ৷”
বেণুৱে চমক খাই উঠিল “ৰূপ
এ ৷”
“বেণু
! ৰবি, এন্ধাৰ হৈছে ৷ মই গাটো তিয়াই লওঁ ৷”
ৰূপহীয়ে বুৰ মাৰিলে ৷
বেণুৰ চুলিৰ আগেদি জীৱ উৰি গ’ল
৷নৈত জাঁপ মাৰি পৰিল... ৰূপহীৰ কলহটো দূৰলৈ উঠি সোঁতত ভাহি গ’ল
৷
*
“ৰূপ
! ৰূপ ! ৰূপহীৰ ভেলটোৱে চকু দুটা মুদি বেণুৰ আগত মাত্ৰ পৰি ৰ’ল
৷
“ৰূপ
! ৰূপ ! অ’ ৰূপ ! মোক এৰি তই ক’লৈ
গলি ৰূপ ?”
ৰূপহীয়ে নেমাতিলে ... আৰু এই
জনমলৈ নেমাতিব ৷
“ৰূপ
! ৰূপ !...” বেণুৰ শোকে খুন্দা মাৰি
ধৰিলে ৷ চকুৱেদি লো বাগৰি পৰিল ৷ এটি প্ৰৱল শোকৰ উচ্ছ্বাস উঠি ওপৰলৈ উৰি গ’ল
৷ সি সকলোকে ক’লেগৈ....
“মোৰ
হিয়া শূন্য ! ... মোৰ হিয়া শূন্য !!”
বেণুৱে ৰূপহীৰ নীৰৱ
স্পন্দনহীন বুকুত মূৰটো গুজি উচুপি উচুপি কান্দিবলৈ ধৰিলে ৷ দূৰত গৰখীয়াই ঘৰলৈ গৰু
খেদি ৰাগ টানিলে ...
বেলি মাৰে গলে
আন্ধাৰী ৰাতিয়ে
পৃথিবীত ভৰিটি থলে,
বগী ৰাধিকায়ে
ঘৰলৈ খোজে দি
ক’লাৰ হিয়া উৰুৱাই গলে ৷
***
3 comments:
এই গল্পটো আগেয়ে পঢ়া নাছিলো। আজি পঢ়িলোঁ। আপুনি ভাল কাম এটা কৰিলে।
ধন্যবাদ ৷
ধন্যবাদ
Post a Comment