সোণতৰা
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(এক)
“আইতা ! মই
কাইলৈ বাইটীহঁতৰ তালৈ যাম ৷ ইমান দিনৰপৰা যাওঁ যাওঁকৈ আছোঁ ৷”
“কিয়
? বাইটীয়েৰহঁতৰ তাতনো কি কৰিবিগৈ ? সিহঁত জিলাত থকা ছোৱালী, তোলৈ উভতিকে নেচাব ৷”
“নহয়
আইতা, যাম ৷ কেলৈ নেচাব ? মোক বৰআইতাই সৰুতে যাওঁতে বৰ মৰম কৰিছিল ৷”
“এতিয়া আকৌ বৰআইতাৰ হ’লগৈ হাকিমনী ৷”
“হওক
বাৰু, মই যামেই যাম ৷ জিলাত পূজা মই দেখা নাই ৷ পিতাইকে এইবাৰ মোক লৈ যাবলৈ কৈ
থৈছোঁ ৷ পিতাইয়েও নিম বুলিছিল ৷”
“বাৰু,
যাবি তেনেহলে ৷”- এই বুলি মাক ৰান্ধনী-ঘৰলৈ
সোমাই গ’ল ৷ সোণতৰাও নৈঘাটলৈ পানী
আনিবলৈ গ’ল ৷
সোণতৰাহঁতৰ
ঘৰখন ৰজাদিনীয়া হাজৰিকাৰ ঘৰ ৷ সোণতৰাৰ আজোককাকে অসম ৰজাৰ হাজৰিকাৰ বিষয় খাইছিল ৷ কোম্পানীয়ে
দেশ লোৱাৰেপৰা সোণতৰাৰ পৰিয়ালে হাৰ-কোৰ বাই, গাঁৱৰ ভাল মানুহ বোলাই খাই-বৈ আছিল ৷
ম’হে-গৰুৱে, ধনে-ধানে, ঘৰে-বাৰীয়ে গাঁৱৰ ভিতৰত চহকী ৷
তেওঁৰ সংসাৰত দুটা পুতেক আৰু দুজনী জীয়েক থৈ সংসাৰ এৰিব লগাত পৰে ৷ বৰপুতেক
কমলচন্দ্ৰক যেনিবা কলিকতাত বি-এ মহলালৈকে পঢ়ুৱাই বৰচাহাবক খাটিলুটি ছবডেপুটী পাতি
জিলাৰে ছোৱালী বিয়া কৰাই দি গৈছে ৷ সৰুটো পুতেক হলিৰামে যেনিবা জিলাৰ স্কুলৰ তৃতীয়
শ্ৰেণীলৈকে পঢ়ি বাপেকৰ মৃত্যুত ঘৰ চম্ভালিবলৈ ওচৰৰে গাঁৱৰ ছোৱালী এজনী ধৰি আনি ধন
বিত ভৰি ঘৰগৃহস্থীখন পাতিলে ৷ এতিয়া অৱস্থা মজলীয়া ৷ হলিৰামে বাপেকৰ দৰে মহাপয়োভৰে
থাকিব পৰা নাই ৷ যদিও সংসাৰখন অভাৱ নোহোৱাকৈ বঢ়িয়াকৈ চলাই আছে ৷ হলিৰামৰ সন্তানৰ
ভিতৰত মাথোন একেজনী ছোৱালী - সোণতৰা ৷ সোণতৰা যদিও অতুল সুন্দৰী নহয়, তথাপি
সুন্দৰীৰ শাৰীৰ ৷ সোণতৰাৰ নামে আৰু গাৰ বৰণে অলপো ভিন্পৰ নাই ৷ ছোৱালীজনী আজলী,
বৰ সৰল ৷ একেজনী ছোৱালী দেখি মাক-বাপেকে ক’তো দিব-থবৰ
মন কৰা নাই ৷ সোণতৰাৰ বিয়া দিবৰ বয়স অৱশ্যে পাইছেহি ৷
সোণতৰা
আজি ভালেমান দিন বৰপিতাকৰ ঘৰলৈ যোৱা নাই ৷ গাঁৱৰপৰা জিলালৈ বাৰমাইল ৷ বৰপিতায়েক
কেতিয়াবা চফৰ ফুৰিবলৈ আহে, তাকো ছমাহ-বছৰেকৰ মূৰত ৷ বৰপিতাকৰ জীয়েক বায়েকহঁতকো
দেখা নাই ভালেমান দিন ৷ সোণতৰা এইবাৰ বৰ
হেঁপাহকৈ ওলাল ৷ মনতে কত পাঙিলে, কত ভাঙিলে ৷ বাইদেৱেকহঁতৰ সৈতে কেনেকৈ পূজাত
ৰং-ধেমালি কৰিবগৈ, ইত্যাদিবোৰ ভাবি তাইৰ মন উগুল-থুগুল লাগিল ৷ পিছদিনা পুৱাই
বাপেকৰ সৈতে গৰু-গাড়ীত উঠি জিলালৈ ৰাওনা হ’ল ৷ জিলাত
গৈ কেনে পাবগৈ, কি কৰিবগৈ, বায়েকহঁতক কেনেকৈ লগত নিয়া খাৰলি, খৰিচা, বগৰিগুৰি,কৰাইগুৰি
দিবগৈ, তাকে ভাবি ভাবি তাই যাবলৈ ধৰিলে ৷ খৰালিৰ ফৰফৰীয়া বাটত গৰুৱেও কোবেৰে বেগ ল’লে
৷
পিছৰ পৃষ্ঠা ....
No comments:
Post a Comment