বগীতৰা
[জ্যোতিপ্ৰসাদ আগৰৱালা]
(এক)
ৰূপৰ বালিচৰা
অ’ বগীতৰা
লই যাম এতিয়া ৷
গাঁৱৰ ধেমেলীয়া ডেকা ল’ৰাবোৰে এই গীত গাই তাইক জোকায় ৷ তাইৰ হাতত ধৰি
টনা-আজোৰা কৰে ৷
তায়ো কন্দা ভাও জোৰে...”ওঁ হো-হোঁ, বুঢ়ী-আলিৰ আগত
কৈদিম ৷”
তাৰে এটাই সোধে, “বগীতৰা ! তই মোলৈ বিয়া সোমাবিনে ?”
তাই হাঁহি-কান্দি “দেখিছাঁ... কৈ দিম” বুলি এবাৰ হাতৰপৰা সৰকি লৰ
মাৰে ৷
ডেকাবোৰে হাঁহে ৷ লগ পালেই সদায় জোকায় ৷ তায়ো “কৈ
দিম” “কৈ দিম” বুলি বুঢ়ীমাকৰ ওচৰ পায়গৈ ৷
গাঁওখনৰ ভিতৰত তায়েই আটাইতকৈ ধনীয়া ছোৱালী ৷ কিন্তু আটাইতকৈ
দুখীয়া ৷ তাইৰ মুখাৰ হাঁহি, ৰং-ধেমালি দেখিলে কোনে কব তাই ইমান দুখীয়া বুলি ?
দৰিদ্ৰতাই তাইৰ আগত হাৰ মানি তাইৰ ৰূপৰ আঁৰত লুকাই আছে ৷ বয়স তাইৰ সাত বছৰমানৰ ৷
মাক-বাপেক, ককায়েক-ভায়েক বুলিবলৈ কেও নাই ৷ থকাৰ ভিতৰত তাইৰ বুঢ়ী-মাক ৷ বৰ বুঢ়ী
নহয় ৷ চুলি দুই-চাৰিডালহে পকিছে ৷ আদহীয়া ৷
লুইতৰ পাৰতে গাঁওখন ৷ ওচৰতে আৰু গাঁও নাই ৷ চহৰৰপৰা দহমাইলমান
আঁতৰত ৷ গাঁওখন বৰ দুখীয়া ৷ মানুহবোৰ সৰল ৷ বৰ্ত্তমান সভূতাৰ চমক্ এতিয়াও গাঁৱত
লগাহি নাই ৷ মুনিহবিলাক সদায় মাছ মাৰিবলৈ যায় ৷ নাৱেৰে মাছ নি চহৰত বেচেগৈ ৷
তিৰোতাবিলাক ঘৰতে থাকে, মাজে মাজে হাট-বজাৰলৈ যায় ৷ গাঁওখন দেখিলে, ওচৰত লুইতখন
দেখিলে আৰু তাৰ চাৰিওফালে দুৰৰপৰা এখন ছবি যেন লাগে ৷ গধূলি যেতিয়া সন্ধিয়া আকাশত
আখলঘৰৰ ধোঁৱাবোৰ পাক খাই খাই উৰি যায় তেতিয়া এনেহে লাগে যেন ভাগৰুৱা গাঁখনৰ অৱসাদৰ
নিশাহবোৰে গাঁওখনক জিৰণি দি উৰি গৈছেগৈ ৷ গাঁওখনত সদায় এনে এটা গহীনতা ৷ এটা
শান্তি ৷ কিন্তু কেতিয়াবা কোনো দন্দুৰী তিৰোতাৰ মাতেৰে গাঁওখন ৰজনজনাই যায়....
এনেহে লাগে যেন সিহঁতে গাঁওখনৰ শান্তিত আমনি পাই এবাৰ দীঘলকৈ উশাহ লৈছে, যেন
কাৰোবাৰ অশান্তিপ্ৰিয় প্ৰাণে এনে শান্তিৰ বিদ্ৰোহ কৰি আৰ্ত্তনাদ কৰি উঠিছে ৷
(দুই)
দিনৰ পিছত দিন গ’ল ৷ কতবাৰ সন্ধিয়া লাগিল, কতবাৰ ভাগিল ৷ কতবাৰ পুৱাই
স্নিগ্ধ কিৰণেৰে গাঁওখনৰ মানুহৰ মন ফৰকাল কৰিলে, কতবাৰ দুপৰীয়াৰ প্ৰখৰ সূৰ্য্যই
গাঁৱৰ মানুহৰ তৎবুদ্ধি হেৰুৱালে ৷ কতবাৰ গ্ৰীষ্ম আহি মানুহৰ গাৰ কাপোৰ-কানি
সোলোকাই নঙঠা গা প্ৰকৃতিক দেখুৱালে ৷ কতবাৰ শীত আহি মানুহক নিহালি ফটাকঠাৰ জাপত
সুমুৱালে ৷ গাঁওখন কিন্তু সেইদৰেই থাকিল ৷ কেৱল ল’ৰা ডেকা হ’ল
৷ ডেকা আদহীয়া হ’ল ৷ আদহীয়া বুঢ়া হ’ল ৷ লগে লগে বাটে-পথে ধিতিঙালি কৰি ফুৰা ছোৱালী
বগীতৰাও গাভৰু হ’ল ৷ তাইৰ ভাব ন হ’ল ৷ ভঙ্গী ন আৱৰণেৰে ঢাক খালে ৷ ল’ৰালি
কালৰ সোপাই ঢাক খাই নাইকীয়া হ’ল ৷ তাই এতিয়া গাভৰু ৷
ডেকাবিলাকে এতিয়া তাইক ওচৰলৈ আহি নোজোকায় ৷ তাইক বৰকৈ নেমাতে
৷ তাইলৈ চাই নেহাঁহে ৷ কিন্তু দূৰৰেপৰা তাইলৈ চায় ৷ তাই কিন্তু এতিয়া সেই চাৱনিকে
সহ্য কৰিব নোৱাৰি ঘৰৰ বেৰৰ আঁৰ লয় নাইবা মুখ একতীয়া কৰি আনফালে চাই চাই যায় ৷ তাইৰ
এতিয়া বাঁহীৰ মাত শুনিলে, পেঁপাৰ মাত শুনিলে, দূৰৰ গীত শুনিলে গাটো শিয়ৰি উঠে ৷
অলপ ভবা-গুণা কৰে ৷ উদাস ভবত কেতিয়াবা হুমুনিয়াহ পেলায় ৷
তাই সদায় নৈঘাটলৈ পানী আনিবলৈ যায় ৷ বাটত ডেকা ল’ৰাবিলাকে
ফিচিঙা-ফিচিঙি কৰে ৷ হাঁহে ৷ তাই লাজতে মূছকঁছ যায় ৷ সদায় পানী আনিবলৈ যাওঁতে
গাঁৱৰ প্ৰায়বোৰ ডেকাই তাইৰ চকুত পৰে ৷ পিছে সিহঁতৰ ব্যৱহাৰ দেখি তাই নাক কোচায় ৷
তলৰপৰা মূৰ ওপৰলৈ নকৰেই ৷ গাঁৱৰ কেবাটা ডেকায়ো সিহঁতৰ ঘৰলৈ অহা-যোৱা কৰে; বগীতৰাৰ বুঢ়ীমাকৰ হাট-বজাৰ কৰি দি ভালৰি বোলায় ৷
বগীতৰাৰ লগত সুবিধা পালে দুই-এটা কথা পাতে ৷ তাই কিন্তু কথা পাতিবলৈ অনিচ্ছুক ৷
বনমালী বগীতৰাৰ ঘৰৰ ওচৰৰে ৷ সি কিন্তু আজিলৈকে বগীতৰাক দেখিলে
ফিচিঙা-ফিচিঙি নকৰে ৷ আন ডেকাবোৰৰ সৈতেও নুফুৰে ৷ তাইক দেখিলে সি ৰ লাগি চায় ৷
কেতিয়াবা চকুৱে চকুৱে পৰিলেও চকু আঁতৰাই নিয়ে ৷ বৰকৈ সি বগীতৰাৰ বঢ়ীমাকৰ ওচৰলৈ
অহা-যোৱা নকৰে ৷ বগীতৰাৰো সেই নিৰ্জ্জু ল’ৰাটোলৈ ভক্তি আছে ৷ ভক্তিৰ লগে লগে তাইৰ বনমালীলৈ
মৰমো সোমাইছে ৷
বনমালীও দুখীয়া ৷ মাক-বাপেক কেও-কিছু নোহোৱা মাউৰা ৷ সম্পতিৰ
ভিতৰত স্বৰগ দেখা ঘৰটো আৰু এখন টিং নোহোৱা তিনি টাপলি মৰা সৰুগুটীয়া নাও ৷ ল’ৰাটোৰ
কিন্তু স্বভাৱ-চৰিত্ৰ ভাল ৷ লিখা-পঢ়াও জানে ৷ ল’ৰাটোৰ ৰূপ-গুণৰ ভিতৰত
দেখিবলৈ ভাল, মাতে-কথায়ো ভাল ৷ গাঁৱৰ ছোৱালীবোৰৰ লগত চুপতি মাৰি ফুৰিবলৈ নেযায় ৷
গাঁৱৰ যাকে তাকে আপদে-বিপদে সহায় কৰি ফুৰে ৷ ভাওমাত ভাল ভাও দিব পাৰে ৷ ভাল গীত
গাব পাৰে ৷ ভাওনাৰ মুকুট সজাত বৰ পাকৈত ৷ বয়স একুৰিৰ ওপৰ ৷ গাঁৱৰ সকলো মানুহেই ল’ৰাটোক
ভাল পায় ৷
(তিনি)
গাঁওখনৰ মুখিয়াল মানুহ হৈছে ৰুদৰাম মেধি ৷ ধনী বুলিবলৈ, মানী
বুলিবলৈ গাঁৱৰ ভিতৰত ৰুদৰামেই ৷ বয়স ভাটী দিছে, প্ৰায় দুকুৰিৰ ওচৰা-উচৰি ৷ ৰুদৰাম
পাকৈত গুৰিয়াল ৷ ডেকা-কালত ৰুদৰামৰ দৰে জালোৱা, নাও বোৱাত পাকৈত গাঁৱত কেওঁ নাছিল
৷ অৱশ্যে এতিয়াও কম নহয় ৷পিছে আজিকালি মাছ মাৰিবলৈ নেযায় ৷ কিছু ধন-বিত গোটাই
গাঁৱৰ মেল মাৰিয়েই মহাপয়োভৰে খাই-বৈ আছে ৷ দুবছৰমান হৈছে ৰুদৰামৰ ঘৈণীয়েক মৰিল ৷ ল’ৰা-ছোৱালী
একো নাই ৷ ভাওনাই-সবাহে ৰুদৰামৰ আগ-ভাগ ৷ গাঁৱৰ সকলোৱে ৰুদৰামলৈ ভয় কৰে, কথা শুনে,
ভক্তি কৰে ৷ গাঁৱৰ ল’ৰা-ডেকাই ৰুদৰামৰ ডাবিত তধা লাগে ৷ ঘৈণীয়েক মৰাৰেপৰা ৰুদৰামৰ
ধৰ্ম্মলৈ মতি হৈছে ৷ গধূলি সদায় মানুহ গোটাই নামপ্ৰসঙ্গ কৰে ৷
বগীতৰাৰ বুঢ়ীমাকৰ মন যেন এই বৰলা ৰুদৰামৰ সৈতে নাতিনীয়েকক দি
সম্বন্ধ পাতে আৰু ৰুদৰামৰপৰাই বুঢ়াকালত পোহপাল গৈ থাকে ৷ এয়াই বুঢ়ীৰ ইচ্ছা ৷ কাৰণ
ৰুদৰামক ছোৱালী নিলে বুঢ়ীৰ আৰু অভাৱ নেথাকে ৷ গাঁৱৰ আৰু কালৈকো ছোৱালী দিবৰ ইচ্ছা
নাই ৷ ৰুদৰামেই যে গাঁৱৰ ধনী মুখিয়াল ৷ ৰুদৰামৰ মনত কিন্তু এই ভাব সপোনতো খেলোৱা
নাই ৷ বুঢ়ীয়ে ৰুদৰামক এই বিষয়ে টুকুৰিয়াই চাবলৈ চল বিচাৰি ফুৰিছে, কিন্তু সুবিধা
পোৱা নাই ৷
(চাৰি)
বনমালীয়ে আধাভগা লাওখন বাটিবলৈ আহি নৈঘাটত খুচুংখাচাং কিবা
কৰি আছেহি ৷ অলপ অলপ এন্ধাৰ হৈছেহি ৷ প্ৰায়বোৰ তিৰোতায়ে পানী নি অটালে ৷ এনেতে
বগীতৰা কঁকালত কলহটো লৈ পানী নিবলৈ নৈঘাট পালেহি ৷
বনমালীৰ দৰে নিৰ্জ্জু ল’ৰাটোও বগীতৰাৰ ৰূপৰ আগত
ঠাৱৰিব নোৱাৰিলে ৷ সি তাৰ নিজৰ অৱস্থা জানে ৷ তাৰ ঘৰ-বাৰীৰ অৱস্থা জানে ৷ তাৰ
ধন-বিত নাই জানে ৷ সি দেখিছেও বগীতৰালৈ গাঁৱৰ কেবাটাও চহকী ল’ৰাই চকু দিছে ৷ সিনো বাৰু
বগীতৰালৈ আশা কৰিব পাৰেনে ? তথাপি তাৰ বুকুত আশঙ্কা জাগি উঠিছে ৷ সি বগীতৰালৈ আশা
কৰিছে ৷ তাৰ মনেৰে তাৰ একো নাই, কিন্তু বগীতৰালৈতো তাৰ এই তাইলৈ ভালপোৱাৰে
জুৰুলি-জুপুৰি হিয়াখন আছে ৷ তাইক আন একো দিব নোৱাৰে, হৃদয় উবুৰিয়াই ভাল পাব পাৰিব
৷ আজি কিছুমান দিনৰপৰা বনমালীৰ মন বৰ
উগুল-থুগুল ৷ সি আজিকালি বগীতৰালৈ বৰ কেনেবাকৈ চায় ৷ তায়ো চায়, সি সেই চকুযুৰিৰ
পৰা কিবা সহানুভূতি পায় হবলা ৷ ক’ম ক’মকৈ সি কব পৰা নাই ৷ লগ ধৰোঁ ধৰোঁকৈ সি লগ ধৰিব পৰা
নাই... সুবিধা পোৱা নাই ৷
বগীতৰাই কলহটো লৈ পানী আনিবলৈ নৈত নামিল ৷ বনমালীও চাৰিফালে
এবাৰ চকু ফুৰাই চাই তাইৰ কাষ পালেগৈ ৷ কিন্তু তাৰ মুখৰ মাত নসৰা হ’ল
৷ বুকুখন ধপ্ধপাবলৈ ধৰিলে ৷ আনফালে বগীতৰাৰো ৰঙচুৱা গাল দুখনিও সন্ধিয়াৰ আন্ধাৰৰ
মাজেদি বিৰিঙী উঠিল ৷ বনমালীয়েও কওঁ নকওঁকৈ ভয়ে ভয়ে মাত লগালে ... “বগী
!”
বগীতৰাই কিন্তু একো উত্তৰ নিদিলে ৷
সি আকৌ মাতিলে ৷ এবাৰ, দুবাৰ, তিনিবাৰ ৷
কিন্তু বগীতৰাই তেওঁ মাত নিদিলে ৷
সি উভতিবৰ মন কৰি আকৌ এবাৰ মাতিলে ... “বগী !”
তাই এইবাৰ লাহেকৈ উত্তৰ দিলে ...”কি ?”
বনমালীয়ে কিন্তু একো কব নোৱাৰি অলপ পৰ মনে মনে থাকিল ৷
বগীতৰা- “কি ?”
বনমালী- “বগী ! মই
তোক এটা কথা কওঁ বুলি ভাবিছোঁ ৷”
বগী- “কিনো কথা ?”
বনমালী- “বগী ! তই মোলৈ বিয়া সোমাবিনে ?”
বগীতৰা সেইফালেই মূছকঁছ যোৱাৰ দৰে হ’ল ৷ তাই একো কব নোৱাৰিলে ৷
বহুত পৰ ৰৈ থাকি কলহত পানী ভৰাই এখোজ দুখোজকৈ পাৰলৈ উঠি যাবলৈ ধৰিলে বনমালীয়ে আকৌ
সুধিলে – “বগী !”
বগীয়ে এবাৰ বনমালীৰ ফালে চালে ৷ “পিছেকৈ কম”
বুলি তাই লাহে লাহে আঁৰ হৈ গ’ল ৷
বনমালীয়ে সন্ধিয়াৰ আন্ধাৰত নাৱৰ টিঙত বহি আভিলেগৈ- তাইৰ মন আছে
বা নাই ? দীঘলকৈ হুমুনিয়াহ কাঢ়ি বনমালীয়ে গালে ...
লুইতৰে বালি
বগী ধকেধকী
জোনাকত জিলমিল কৰে ৷
চকুৰে আগতে
তোমাৰ মুখনিয়ে
হাঁহি প্ৰাণে-মনে
হৰে ৷
লুইত কিন্তু বৈয়েই থাকিল ৷ৰৈ অলপো নুশুনিলে ৷ এই প্ৰেমিকৰ
হা-হুতাহলৈ অলপো কাণ নকৰিলে ৷ কত শতাব্দী ধৰি, কত যুগ ধৰি, লুইতে কত প্ৰেমিকৰ এনে
হা-হুতাহ সোঁতত উটাই নি সাগৰত বিয়পাই দিছেগৈ চাগৈ, তাৰ কি লেখ-জোখ আছে ! লুইতৰ মনত
এই দুখীয়া-নিছলা প্ৰেমিক নাৱৰীয়া মহাপ্ৰেমিকৰ প্ৰেম এটা ধূলিকণা নহয় জানো ?
(পাঁচ)
পুৱা ৰ’দ কাচলিত বহি ৰুদৰামে কামীকেডালমান তুলাই আছিল ৷ এনেতে বগীতৰাৰ
বুঢ়ীমাকে হাতত শাক-পাচলি অলপ আনি আগতে বহিলহি ৷ নানা কথা বতৰা পতাৰ পিছত কোনোবা
সূত্ৰে বগীতৰাৰ কথা উলিয়াই বুঢ়ীয়ে ক’লে, “এৰা, ছোৱালী এতিয়া কাৰোবাক গতাই বুঢ়া কালত... ৷”
ৰুদৰামে বাধা দি ক’লে, “কিয় তোমাৰ ছোৱালী দিবলৈনো কি ? দৰা সেইজনী ছোৱালীলৈ নেওআলে
আৰুনো কালৈ পাবা ? তাইৰ দৰে গাঁৱৰ ছোৱালী কেইজনী ?”
বুঢ়ী- “পাওঁতেনো পাইছোয়েই ৷ পিছে বোলোঁ এনে ৰূপ-গুণ থকা
ছোৱালীটিনো গতাওঁ কাক ? মই দেখাৰ ভিতৰত দেখোন কালৈকো মন নেযায় ৷”
ৰুদৰাম- “কিয় ? ইমান ডাঙৰ গাঁওখনত আৰু তোমাৰ ছোৱালীজনী দিবলৈকে
থল পোৱা নাইনে ?”
বুঢ়ী- “এ ! থলনো নোহোৱা হব কিয় ? পিছে জানো বাৰু ধৰকচোন,
আপুনিয়েই দেখোন তাইক আনিব পাৰে ৷ ৰূপে-গুণে আপোনাৰহে উপযুক্ত ৷ পিছে আপুনি জানো
আনিব ? নানে নহয় ৷ সেইগুণেহে কৈছো আকৌ !”
বুঢীয়ে কথাকেষাৰ কৈ উৎসুক হৈ ৰুদৰামৰ মুখলৈ চাই থাকিল ৷
ৰূদৰামো বৰ আচৰিত হ’ল ৷ যাক ইমান দিন ৰুদৰামে জীয়েকৰ দৰে ভাবি মৰম-স্নেহ কৰি আহিছিল,
আজি বুঢ়ীৰ কথাত বগীতৰাৰ মূৰ্ত্তিখনি ৰুদৰামৰ আগত আহি বৰণ সলা থিয় দিলেহি ৷ ৰুদৰাম
বহত পৰ টলকা মাৰি থাকিল ৷
ৰুদৰামক একো নমতা দেখি বুঢ়ীয়ে আকৌ মাত লগালে, “এৰা
; ছোৱালীটি আৰু মই আপোনাকহে গতাম বুলি ভাবিছোঁ ! আজিকালি ঘৰখনত সোমালেই উৰুঙা
উৰুঙা যেন লাগে ৷ বগীতৰাও আজিকালি কামে-কাজে বৰ কাজী হৈছে ৷ তাই ঘৰখন বেছ সুন্দৰকৈ
চলাব পাৰিব ৷ তাইৰ দৰে ছোৱালীয়েহে ঘৰখন শুৱাব ৷”
বগীতৰাৰ বুঢ়ীমাকে নানা কথা পাতিও ৰুদৰামৰ পৰা কথা উলিয়াব
নোৱাৰি ঘৰমুৱা হ’ল ৷ ৰুদৰামে ঘৰৰ ভিতৰলৈ সোমাই গৈ ভাবিবলৈ ধৰিলে .. এতিয়াতো আৰু
মোৰ বিয়া কৰোৱাৰ বয়স নাই ৷ তায়ো তেনেই কুমলীয়া ছোৱালী ৷ সেইজনী ছোৱালীৰ সৈতে মোৰ
যোৰ হবনৈ ? ইত্যাদি নানা কথা ভাবিলে ৷ পিছে যেতিয়া আকৌ বগীতৰাৰ ৰূওলৈ মনত পৰিল
তেতিয়া ৰুদৰামৰ মন বৰ চঞ্চল হ’ল ৷ বগীতৰাৰ ৰূপে ৰুদৰামৰ মনত ন যৌৱনৰ সঞ্চাৰ কৰিলে ৷
তাইৰ ৰূপ উপভোগ কৰাৰ লোভ সামৰিব নোৱাৰেই আইক বিয়া কৰাবলৈকে মন কৰিলে ৷
*
নৈৰ ঘাটত লগ পোৱাৰেপৰা বনমালীৰ লগত বগীতৰাৰ বৰ মিল হৈছে ৷
বনমালীয়ে দিনটোত এবাৰ দুবাৰ বগীতৰাক দেখা নিদিয়াকৈ থাকিব নোৱাৰে ৷ আৰু কেতিয়াবা
সুবিধা পালে দুয়ো নানা কথা-বতৰা পাতে ৷ বগীতৰায়ো কথা দিছে বোলে বনমালীলৈ নপৰিলে
তাই হেনো কানি খাই মৰিব ৷
সেইদিনা নৈঘাটত লগ পাই বগীতৰাই হাতৰ আঙঠি এটা বনমালীক দি তালৈ
বিয়া সোমাব বুলি শপত খাইছে ৷ কিন্তু বিয়া সোমোৱাৰ উপায় ক’ত ?
বুঢ়ীয়ে কথাটো গম পাই আজিকালি সিহঁত দুয়োৰে ওপৰত বৰকৈ চকু ৰখা
হৈছে ৷ গাঁৱৰ আন আন ডেকা ল’ৰাবোৰেও কথাটোৰ কিছু গম পায় ৷ কণাকণি কৰোঁতে কথাটো
ৰুদৰামৰ কাণতো পৰিছেগৈ !
(ছয়)
সেদিনা গাঁৱৰ আটাইবিলাক মানুহ মাছ মাৰিবলৈ ওলাই গ’ল
৷ বতৰটো বৰ সুবিধা নাছিল ৷ আকাশৰ লক্ষণ
দেখি ৰুদৰামে জালোৱাহঁতক ধুমুহা আহিব বুলি সকীয়াই দিলে ৷ কিন্তু সিহঁত পানীৰ পোক ৷
ধুমুহালৈ কি ভয় কৰিব ? তাতে মাছ নেমাৰিলে পিছদিনা কি খাব ? পিছদিনা আকৌ হাটবাৰ ৷
সেইদিনা মাছ বেচি সপ্তাহটোৰ কাৰণে বস্তু-বাহানি কিনিব-কূটিবো লাগে ৷ সকলো গ’ল
৷ ৰুদৰামে কিন্তু ৰাতি নকৰি সিহঁতক সোনকালেই আহিবলৈ দঢ়াই দঢ়াই ক’লে
৷ বনমালীয়েও নিজৰ ভগা নাওখন লৈ মাছ মাৰিবলৈ ওলাল ৷ লাহে লাহে নাওবোৰ বহুত দূৰলৈ
গুচি গ’লগৈ ৷ প্ৰায়বোৰৰে জাল সিপাৰে ৷
সন্ধিয়া হওঁ হওঁ হৈছে ৷ এনেতে বৰকৈ বতাহ বলিবলৈ ধৰিলে ৷ লগে
লগে বৰষুণ কণিয়াবলৈ ধৰিলে ৷ মেঘ ক’লা হৈ আহিল ৷ ধুমুহা অহা দেখি আটাইবোৰ নাৱৰীয়াই পাৰ
হবলৈ নাও মেলি দিলে ৷ সন্ধিয়াৰ আন্ধাৰে লুইতৰ বহল বুকু ঢাকি পেলালে ৷ নাওবোৰ
আন্ধাৰত লুকাই গ’ল ৷ ধুমুহা বাঢ়ি আহিবলৈ ধৰিলে ৷
গাঁৱৰ ল’ৰা-তিৰোতাবিলাকে হাৱৈ-বিৱৈ কৰি লৰি-ঢাপৰি নৈঘাট
পালেহি ৷ বিজুলীৰ চমকত দেখিলে লুইওতৰ বুকুত নাওবোৰ এবাৰ ঢৌৰ কোবত তল, এবাৰ ওপৰ
কৰিছে ৷ নাৱৰীয়াহঁতে প্ৰাণপণেৰে নাও মাৰি পাৰলৈ আহিবলৈ চেষ্টা কৰিছে ৷ পাৰৰপৰা ল’ৰা-তিৰোতাবোৰৰ
চিঞৰত ধুমুহাও যেন খন্তেকলৈ হো-হোকৈ তধা লাগি ৰৈছে ৷ মাজে মাজে আকৌ সেই প্ৰাণীবোৰক
গ্ৰাস কৰিবলৈ চিঞৰত গগন ফালিব লাগিছে ৷ এই ধুমুহাৰ মাজতে পাকৈত নাৱৰীয়াবোৰে নাও
আনি আনি পাৰত লগাবলৈ ধৰিলে ৷ মাকে পুতেকক, ঘৈনীয়েকে গিৰিয়েকক, ভনীয়েকহঁতে
ককায়েকহঁতক, পুতেকে বাপেকহঁতক অহা দেখি আনন্দ কৰিবলৈ ধৰিলে ৷
সকলো আহিল নাহিল বনমালী ৷ বগীতৰাৰ মন যে কেনেকুৱা আগিছে ৷ তাই
নৈৰ ফালে চাইছে, এবাৰ আন মানুহবোৰৰ ফালে চাইছে ৷ হঠাৎ বিজুলীৰ চমকত নৈত নাও এখন জিলিকি
উঠিল ৷ নাৱৰীয়াজনে নাওখনত গবা মাৰি ধৰি আছে ৷ নাওখন উবুৰি খাই, ঢৌত তল-ওপৰ হ’ব
লাগিছে ৷ কৰো সাহ নহ’ল আকৌ নাও লৈ লুইতলৈ যায় ৷ এনে বিপদত ৰুদৰামৰ দৰে পাকৈত গুৰিয়ালে
সাহ নকৰিলে আৰু কেওঁ গাঁওখনত সাহ কৰোঁতা নাই ৷ বগীতৰা আহি ৰুদৰামৰ ওচৰ পালে ৷ তাইৰ
মুখখনি দেখি ৰুদৰামৰ আৰু সহ্য নহ’ল ৷ ৰুদৰামে তৎক্ষণাৎ নাও এখনৰ ওচৰলৈ গৈ গাৰ
কাপোৰ-কানি খুলি থৈ নাও লুইতৰ মাজলৈ এৰি দিলে ৷ মানুহবিলাকে হায় হায় কৰিবলৈ ধৰিলে
... এটাৰ লগত এতিয়া দুটা যায় ৷
আকৌ বিজুলীয়ালে ৷ মানুহবিলাকে দেখিলে, বনমালীৰপৰা নাওখন বহুত
আঁতৰত ৷ সি সাঁতুৰি ককবকাই পানী খাইছে আৰু ৰুদৰামে নাৱেৰে তাক ধৰিবলৈ প্ৰাণপণে
যত্ন কৰিছে ৷
বহুতপৰৰ মূৰত দেখা গ’ল ... ৰুদৰামে বনমালীক পিঠিত তুলি পাৰ পাইছেহি ৷
মানুহবিলাকে হৈ-ধ্বনি দি ৰুদৰামৰ ওচৰ পালেগঢৈ ৷ আটাইবিলাক বৰষুণত তিতি
জুৰুলি-জুপুৰি ৷ বনমালীৰ চেতনা নাই ৷ হাত-ভৰিবোৰ চেঁচা পৰিছে ৷ বগীতৰাই আহি বৰ
উৎসুক হৈ চাই আছে ৷ এবাৰ তাই ৰুদৰামৰ ফালে চালে ৷ ৰুদৰামে বুজিলে যে তাইৰ
অন্তৰৰপৰা কৃতজ্ঞতাখিনি তেনেই উবুৰি খাই ওলাই আহি তাক সেই দিনাৰ বৰষুণৰ দৰে নিয়াই
জুৰুলি-জুপুৰি কৰিছেহি ৷
ৰুদৰামৰো বনমালীলৈ কিবা এটা মৰম সোমাইছে ৷ বেচেৰা ল’ৰাটোৰ
কেও-কিছু নাই, কোনেনো তাক সেৱা-শুশ্ৰষা কৰিব বুলি ভাবি বনমালীক নজৰ ঘৰলৈকে লৈ গ’ল
৷
(সাত)
ৰুদৰামে বগীতৰাক বিয়া কৰাবলৈ মন কৰিয়েই পিছদিনা বুঢ়ীক বিয়াৰ
সকলো যতাবলৈ ক’লে আৰু বহাগত বিয়া পাতিব বুলি জানিবলৈ দিলে বুঢ়ীমাকৰপৰা যেতিয়া
বগীতৰাই শুনিলে যে তাইৰ ভৱিষ্যত তাইৰ বাপেক-সমনীয়া বুঢ়া এটাৰ লগত বুঢ়ীমাকে সুঙুৰি
দিব খুজিছে তেতিয়া তাইৰ বুকুখন এনে এটা শোকে খুলি খুলি খাবলৈ ধৰিলে যে তাইৰ মনৰপৰা
সকলো ৰং-ধেমালি আঁতৰি যাবলৈ ধৰিলে ৷ সেই অন্তৰ্দাহৰ লগে লগে তাইৰ ৰূপো ম্লান পৰি
আহিল ৷ জকমককৈ ফুলি থকা ফুলপাহি তীব্ৰ সূৰ্য্যৰ পোহৰত অলপ মৰহি গ’ল,
কিন্তু জেউতি নকমিল ৷ বুঢ়ীয়েও নাতিনীয়েকৰ বিয়া পাতিবলৈ কাপোৰ-কানি ববলৈ ধৰিলে ৷
লগত দিবলৈ পাটৰ ৰিহা-মেখেলা লগালে ৷ ৰুদৰামো বগীতৰাক বিয়া কৰাবলৈ উগুল-থুগুল লাগিল
৷
ৰুদৰামে যেতিয়া শুনিলে যে বগীতৰাই বনমালীলৈ বিয়া সোমাব বুলি
শপত খাই আঙুঠি দিচে, তাৰ এটা দাৰুণ ৰোষত গা পুৰি গ’ল ৷ বনমালীৰ প্ৰতি তীব্ৰ
হিংসাৰভাৱে হৃদয় অধিকাৰ কৰিলেহি ৷ তথাপি কিন্তু ৰুদৰামৰ বনমালীলৈ কিবা এটা মৰম
আছে.... তাক ঘৰতে ৰাখি সেৱা-শুশ্ৰূষা কৰিছে ৷
সেই দিনা ৰাতি বনমালীৰ জ্বৰ বৰ বেছি ৷ জ্ঞান নাই ৷ প্ৰলাপ
বকিছে ৷ ৰুদৰামে মূৰৰ শিতানত বহি মূৰত পানী দি আছে ৷ প্ৰলাপৰ ভিতৰত বনমালীয়ে মাজে
মাজে ‘বগীতৰা’ ‘বগীতৰা’কৈ মাতি আছে ৷ প্ৰত্যেকটি শব্দই আহি ৰুদৰামৰ বুকুত বজ্ৰৰ দৰে আঘাত
কৰিছে ৷ ৰুদৰামৰ বহুত পৰ টলকা মাৰি থাকিল ৷ তাৰ পিছত ৰুদৰামৰ মুখখনি কিবা এটা ভাবত
উজ্জ্বল হৈ উঠিল ৷ আকৌ ‘বগীতৰা বগীতৰা’কৈ বনমালীয়ে মাতিলে ৷ ৰুদৰামৰ অন্তৰৰ কামনা-বাসনাবোৰ
যেন এই শব্দটোৱে খুন্দিয়াই খহাই ভাঙি দিব লাগিছে ৷ শব্দটোৰ প্ৰত্যেকটো আঘাতত ৰুদৰামৰ
সংসাৰৰ পৰা ওলাই ওলাই উদাস হৈ যাব খুজিছে ৷ ৰুদৰামে প্ৰলাপৰ কথাবোৰ শুনি ভালকৈ
বুজিলে বনমালীৰ লগত বগীতৰাৰ সম্বন্ধ কেনে ৷
ৰুদৰাম বনমালীৰ ওচৰৰপৰা লাহেকৈ উঠি গ’ল ৷ গোঁসাইঘৰ সোমাই আঁঠুকাঢ়ি
প্ৰাৰ্থনা কৰিলে – “প্ৰভু শঙ্কৰ গুৰু ! কোক সুনতি দিয়া ৷ এতিয়া এই বয়সত আৰু কিয়
সংসাৰৰ প্ৰলোভন দেখুৱাই মোক মায়াত মুহি থব খুজিছা ? মোক বুকুত বল দিয়া প্ৰভু !”
ৰুদৰামৰ মন যেন কিবা এটা নতুন আনন্দত উপচি পৰিল ৷
বনমালীৰ
গা লাহে লাহে ভাল হৈ আহিল ৷ এতিয়া বৰ দুৰ্ব্বল ৷ ৰুদৰাম বনমালীৰ ওচৰৰপৰা নেযায়েই ৷
বনমালীয়ে ৰুদৰামক ক’লে, “মোৰনো কি আছে, দুখীয়া... আপোনাক কি দিম ? মোক আপুনি জীয়ালে ৷ এই
ধাৰ মই জনমত শুজিব নোৱাৰোঁ ৷”
বনমালীক পৰীক্ষা কৰিবলৈ ৰুদৰামে ক’লে,
“বনমালী ! বাৰু মোক একো নেলাগে ৷ তই যদি মোক তোৰ হাতৰ আঙঠিটো দিয়
তেনে ...... ৷”
বনমালীৰ গাটো জ্বলি গ’ল
৷ সি খঙত মুখ আনফালে ওভোতাই নিলে... “যি খোজে তাকে দিব পাৰোঁ, কিন্তু এই আঙুঠিটো নুখুজিব ৷”
ৰুদৰামে আকৌ টলকা মাৰিলে ৷ এইবাৰ ৰুদৰাম
একেবাৰে দৃঢ়প্ৰতিজ্ঞ হ’ল ৷ ৰুদৰামৰ মন শিলৰ খুটি যেনকৈ বান্ধিলে ৷
(আঠ)
বসন্তৰ
পৰশনত প্ৰকৃতি শিয়ৰি উঠিছে ৷ কিবা এটা উন্মাদনাই প্ৰকৃতিৰ মাজেদি ভূমুকি মাৰি
প্ৰাণীৰ প্ৰাণ কিবা এটা বলিয়া ভাবত উটাই-বুৰাই নিব খুজিছে ৷ যেনিয়েই চকু যায়
সেইফালেই কিবা এটা বলিয়া ভাব ৷প্ৰকৃতিয়ে যেন কালৈকো ভ্ৰূক্ষেপ নকৰি আজি বলিয়া ৷ ফুলৰ
ৰেণুৱে, সমীৰণে, মলয়াৰ সুগন্ধই যেন কিবা এটা বলিয়া ভাব জগতত বিয়পাই দিছে আৰু সেই আনন্দত
মতলীয়া হৈ প্ৰনীবোৰৰ নিশাহ ৰোধ হবৰ উপক্ৰম হৈছে ৷জাৰৰ মাজেদি জহৰ ভাব বিৰিঙি
ওলাইছে ৷ তাৰ তীব্ৰ গোন্ধত প্ৰাণ-মনতো এটা তীব্ৰ আনন্দ জাগৰুক হৈছে ৷ প্ৰাণে
হাঁহিবও খোজা নাই ৷ আনন্দ কৰিবও খোজা নাই ৷ তথাপিও কিবা এটা অভিনৱ আনন্দ, কিবা নজনা
লতাৰ সুৱদি মদিৰা খাই আজি বিশ্বজগত মতলীয়া ৷
বিহু আহিব লাগিছে ৷ সকলোৱে এটা আনন্দৰ দিনৰ
অপেক্ষা কৰিব লাগিছে ৷ বিহু আহিছে ... এই অপেক্ষাই কেনে মধুৰ, কেনে সুন্দৰ !
বগীতৰাৰো গা আজি ভাববলিয়া ৷ কিন্তু ভৱিষ্যতৰ নিৰাশাই বগীতৰাৰ অন্তৰৰ বলিয়াটিক
শিকলি লগাই বান্ধি থৈছে ৷ লৰচৰ কৰিবৰ শকতি নাই ৷ তথাপিও সি মাজে মাজে এবাৰ কিৰীলি
পাৰি নৃত্যৰ ভঙ্গীত শিকলিৰ বান্ধ মুক্ত হবলৈ প্ৰয়াস পাইছে ৷ বগীতৰাৰ হৃদয়ৰ
টোকাৰীখনীৰ সুৱদি সুৱদি সুৰ উলিয়াইছে, কিন্তু সি আধা ফুলি ফুলি মৰহি গৈছে ৷ বগীতৰাৰ
ভৱিষ্যত আন্ধাৰ ৷ বগীতৰাক বুঢ়াৰ সৈতে বিয়াৰূপী ঘৰিয়ালটোৱে লুইতৰ বুকুৰ আন্ধাৰতলিলৈ
টানি নিব ধৰিছে ; কিন্তু বগীতৰাই প্ৰকৃতিৰ এনে সুন্দৰ দেশলৈ আহি তাত আপোন মনেৰে ঘৰিয়ালৰ
গ্ৰাসৰপৰা মুক্তি পাবলৈ আৰ্ত্তনাদ কৰি চিঞৰিব ধৰিছে ৷
বিহুত গাঁৱৰ সকলো ছোৱালীয়েই নাচি-বাগি আনন্দ
কৰি ফুৰিছে ৷ ডেকাল’ৰাবিলাকে পেঁপা , বাঁহী বজাই আনন্দত মতলীয়া হৈ ফুৰিছে ৷ গাঁওখনত
তেতিয়া বিহুৰ একাধিপত্য ৰাজত্ব ৷ বিহুৰ সুশাসনত সেই ৰাজ্যৰপৰা দুখ, শোক, নিৰানন্দ
পলাই-পত্ৰং দিছে ৷ আনন্দ, ৰং-তামাছা, সঙ্গীত, গীত, পঝিত্ৰ ভাবৰূপী অপ্সৰাসকলে
বিহুৰ ৰাজসভাত নৃত্যগীত কৰি গোটেই ৰাজ্য মুখৰিত কৰি তুলিছে ৷ বিহুৰ ৰাজমালিনী
বাসন্তীয়ে গছৰ গুৰিয়ে গুৰিয়ে সঞ্জীৱনী পানী সিঁচি গছবোৰত সহস্ৰ ফুল ফুলাইছে ৷
বিহুৰ ৰাজচিত্ৰকৰে বেলিৰ পোহৰৰপৰা বৰণবোৰটুকি আনি গছ-লতাবোৰত সানি নানা বৰণেৰে
ৰঞ্জিত কৰিছে ৷ বিহুৰ ৰাজ্য জাতিস্কাৰ ৷ আনন্দময় ! সুন্দৰ সুন্দৰ !
মনে আজিৰ দিনা
ইচাটি
বিচাটি
বিহুৰে বাতৰি পাই ;
ৰঙালী
বিহুটি
আহে
ৰঙে কৰি
গাতে
উৱাদিহে নাই ৷
গাভৰুৰ
বুকুৰে
গুপুতৰ
কথাটি
বুকুতে
গুপুতে আছে ;
ডেকাৰে
মনেনো
আশাত
আলসুৱা
আহিব
বুলিয়ে নাচে ৷
কতনা ফুলেনো
কত বৰণ পিন্ধি
বাটে
চাই আছে যে ৰই !
আহিব
আহিব
বহাগৰ
বিহুটি
সাদৰী আনিমে গই ৷
বুকুতে
মৰমনো
আছে
সাঁচতীয়া
বিহু
বিহু বুলি ৰই,
বিহুতে
লগে পাই
বাকী
মৰমবোৰ
চেনেহীক
চুমিব গই ৷
গা
ঐ কেতেকী !
গা
ঐ কুলি মইনা !
কুউউ
কুউউ কই...
ৰঙালী
বিহুটি
আহিলে
ৰঙে কৰি
নাচো
মতলীয়া হই ৷
বকুলে
মালতী
গোলাপী
কেতেকী
ফুলেচোঁ
ফুলেচোঁ ঐ,
ৰঙালী
বিহুটি
আহে
ৰঙে কৰি
তোমাকে
চাবকেলই ৷
পিন্ধা,
পিন্ধা, পিন্ধা
সাতো
বৰণকে
গছে-পাতে
লতা ঐ !
বহাগীৰে
সতে
তেহে
যোৰ মিলিব
সোণতে
সুৱগা হই ৷
দুখে-শোকে
সৱাকে
যোৱাতে
জাহে দি
আজি
বিহুৰ দিনা
হাঁহিতে
বলিয়া হই,
আজি
দুখীয়াৰ ৰঙালী বিহুটি
আহিল
ৰঙে কৰি ঐ !
(ন)
গোটেই গাঁও আনন্দত মতলীয়া ৷
ডেকা-বুঢ়া সকলোৱে আনন্দ ৷ বগীতৰাৰ সমনীয়া আটাইবিলাক ছোৱালীয়েই নাচি-বাগি আনন্দ কৰি
ফুৰিছে ৷ কিন্তু বগীতৰাৰ মনত আনন্দ নাই ৷ আজি বাদে কাইলৈ যে বগীতৰাৰ বুঢ়াৰ লগত
বিয়া !
আজি বিহু ৷ পুৱতি নিশাতেই গাঁৱৰ ল’ৰা-বুঢ়া,
ডেকা-ডেকেৰীয়ে গা-পা ধুই উঠিছে ৷ পুৱাৰ প্ৰথম কিৰণ জোনাকী দেৱীৰ ৰিহাৰ আঁচলটি যেন
হৈ আহি বগীতৰাহঁতৰ চোতালত পৰিছেহি ৷ তাতে বগীতৰাই বহি গা ৰ’দাইছে, ভাবিছে-গুণিছে ৷
হাঁহি-খিকিন্দালিৰে গাঁওখন মুখৰিত ৷ বুঢ়ীয়ে তাঁত-শালৰ ওচৰতে ঘূৰেপকাকৈ আছে ৷
বগীতৰাৰ লগত দিবলৈ বোৱা মেখেলাখন ওলাল ৷ ৰূদৰামে গাত চেলেং এখন পেলাই মিচিকি হাঁহি
মাৰি চোতালত থিয় দি সুধিলেহি, “পিছে কাপোৰ ওলালনে ?”
বুঢ়ীয়ে মাত দিলে, “ওঁ, কাপোৰ ওলাবতো ৷ পিছে
দিনবাৰ এটা ঠিক কৰোক ৷ কাহানিকৈ বিয়া পাতিবনো পিছে ?”
ৰুদৰামে মৰহি যোৱা লতাজুপিৰ দৰে কুচিমচি
বগীতৰাৰ চকুলৈ চাই মিচিক কৰে হাঁহি এটি মাৰি ক’লে, বনমালী যেতিয়াই ভাল হ’ব
৷”
আশঙ্কাত, আনন্দত, সন্দেহত বগীতৰা ৰঙা পৰিল ৷
বিহুৰ ৰঙচুৱা গোলাপী বৰণেৰে সৈতে তাইৰ গাল দুখনি ৰিজাই চোৱাত এচুলিও হেৰফেৰ দেখা
নগ’ল ৷
***
[ইউনিক’ড
ৰূপান্তৰ : দিগন্ত শইকীয়া ]
No comments:
Post a Comment