অনুসন্ধান আকাংক্ষাত

Tuesday, October 9, 2012

জীৱন সুন্দৰ মৰম সুন্দৰ





(দ্বৈত কন্ঠত)

ভূ. হা:         জীৱন সুন্দৰ

মৰম সুন্দৰ

দেখো কিয় এই বিভীষিকা

অবুজ মৰম চঞ্চল মৰম

খেদো কিয় এই মৰিচিকা

মৰম বিচাৰি হলোঁ বলিয়া

জীৱন যেন সেউজ বলীয়া

জীৱন এন্ধাৰ জগত এন্ধাৰ

ভুল বাসনাৰ প্রহেলিকা

জীৱন এন্ধাৰ জগত এন্ধাৰ



নাৰী কন্ঠ:   মই কবিতা মই সবিতা

নামবিহীনা এক অনামিকা

মই কামনা মই বাসনা

জীৱন নাটৰ যৱনিকা

আমাৰ মৰম সঁচা মৰম

চঞ্চল নহয় অবুজ নহয়

জীৱন সুন্দৰ মৰম সুন্দৰ

আঁতৰে যত বিভীষিকা



(ইউনিকডলৈ ৰূপান্তৰণ: স্যামন্ত কুমাৰ গোস্বামী)

No comments: