জনৈক ডেকা বন্ধুৰ প্ৰতি এই উক্তি
তেজ দিলা, প্ৰাণ দিলা, ত্যাগ দিলা ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা, যুঁজি জিকিবাই ডেকা বন্ধু

বেলি উঠিব, জোনো থাকিব, আশা ৰশ্মিৰ ৰেখা জ্বলিব

তোমাৰেই গুণগান পুনু শুনিবাই ডেকাবন্ধু

সৌৱা সমদল, ভাঙে শিলদ’ল
সমৰল কোলাহল, ৰক্তিম উজ্বল
সৌৱা সমদল, ভাঙে শিলদ’ল
সমৰল কোলাহল, ৰক্তিম উজ্বল
লুইত থাকিব, পণ থাকিব
গণতৰণীও নিতে জ্বলিব
লুইত থাকিব, পণ থাকিব
গণতৰণীও নিতে জ্বলিব
সমূহৰ কালিৰ বাবে আজিক দিলা বন্ধু

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক’দ ৰূপান্তৰণ: জলি বৰা)

No comments:
Post a Comment