অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া


কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া 

কি যে তোমাৰ সংগ ..

কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া...

কি যে তোমাৰ সংগ 

তোমাৰ অংগ জ্বলন্ত জুই

তোমাৰ অংগ জ্বলন্ত জুই

মই যে পতঙ্গ

কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া ..

কি যে তোমাৰ সংগ .. ৷




জীৱনৰ ৰস যিমান

তৃষ্ণাও বাঢ়ে সিমান

জীৱনৰ ৰস যিমান

তৃষ্ণাও বাঢ়ে সিমান

এই নিশা নেলাগে সোণ !

এই নিশা নেলাগে সোণ !

কথাৰ প্ৰসঙ্গ,

তোমাৰ অংগ জ্বলন্ত জুই

তোমাৰ অংগ জ্বলন্ত জুই

মই যে পতঙ্গ

কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া 

মিঠা তোমাৰ সঙ্গ ৷





মনে মনে অহা যোৱা

তাৰে নাম ভাল পোৱা

মনে মনে অহা যোৱা

তাৰে নাম ভাল পোৱা

আকাশে বজালে শুনা 

মিঠা জল-তৰঙ্গ... !

মিঠা জল-তৰঙ্গ !

সমাজৰ নীতি নিয়ম

ভঙাটো নতুন নিয়ম

সমাজৰ নীতি নিয়ম

ভঙাটো নতুন নিয়ম

আজি নিশা নেযাবা সোণ

আজি নিশা নেযাবা সোণ

কৰি মোক নিসঙ্গ

তোমাৰ অংগ জ্বলন্ত জুই

তোমাৰ অংগ জ্বলন্ত জুই

মই যে পতঙ্গ

কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া 

কি যে তোমাৰ সংগ ..

কি যে তোমাৰ সংগ তোমাৰ প্ৰিয়া 

কি যে তোমাৰ সংগ .. ৷৷





ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)


No comments: