অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

কিয় কৰ তই অহঙ্কাৰ

কিয় কৰ তই অহঙ্কাৰ

দেখিছনে অশান্তি যাতনাৰ

কাকনো সঁপিলি তোৰ অলঙ্কাৰ

গম পায়ো তই আজি নিৰ্বিকাৰ।



মিছিকিয়া হাঁহিটিত সঁপি দিয় প্ৰাণ

আও ভাও নুবুজাটো হৱ

চকুৰ আগতে তোৰ সকলো ভাঁহে

নেদেখা ভাও ধৰ কিয়।

কিয় কৰ তই অহঙ্কাৰ….



দেহা গ’ল ধন গ’ল মন ভাগি গ’ল

জাতিটোৰ ঐক্যও থান-বান হ’ল

শ্ৰীমন্ত শঙ্কৰে গঢ়িলে জাতি

লক্ষ্মীনাথে দিলে জীৱন সুঁতি

পদ্মনাথে প্ৰাণ দিলে

বিষ্ণুৰাভাই সাহস দিলে

জ্যোতি-অম্বিকাই চিঞৰিলে

অসমীক বচা যত ভ্ৰাতৃ জাতি।

কিয় কৰ তই অহঙ্কাৰ….



দেশৰ দুখ অন্যায় দেখিলি কি

যদি নিদিয় তই হুঙ্কাৰ

জাতিৰ কলঙ্ক হ’বি সদায়

কাঢ়ি নান যদি তোৰ অধিকাৰ।

কিয় কৰ তই অহঙ্কাৰ….



(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ গীতাৰ্থ বৰদলৈ)

No comments: